কামপুৰৰ শংকৰদেৱ বিদ্যানিকেতনত স্বাস্থ্য মেলা

কামপুৰৰ শংকৰদেৱ বিদ্যানিকেতনত স্বাস্থ্য মেলা

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু আয়ুস্মান আৰু কল্যাণ কেন্দ্ৰৰ সাপ্তাহিক স্বাস্থ্যমেলাৰ অংশ হিচাবে কামপুৰৰ শংকৰদেৱ বিদ্যানিকেতনত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। পুৱা স্বাস্থ্য শিবিৰৰ দ্বাৰ মুকলি কৰে কামপুৰ পৌৰসভাৰ পৌৰপতি ধৰিত্ৰী বৰুৱাই। এই উপলক্ষে অনুষ্ঠিত হয় এখন সজাগত সভা । সভাখনিৰ সভাপতিত্বত কৰে সমাজকৰ্মী ৰাণা ভূঞাই, আনহাতে সভাখনিৰ আঁত ধৰে স্বাস্থ্যকৰ্মী বিশ্বজিৎ বৰাই।

সভাখনত পৌৰসভাৰ পৌৰপতি ধৰিত্ৰী বৰুৱা, ৱাৰ্ড কমিচনাৰ মালবিকা বৰা, চিকিৎসক আব্দুল কোৱাইম, স্বাস্থ্য আবিদা বেগম আদিয়ে স্বাস্থ্যমেলাখনৰ উদ্দেশ্য বাখ্যা কৰাৰ লগতে আয়ুস্মান কাৰ্ডৰ সুফলতাৰ ওপৰত বহলাই বাখ্যা কৰে। সভাখনত উপস্থিত থাকে অৱসৰ প্ৰাপ্ত শিক্ষক তুলসী মোহন বৰা, কামপুৰ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ সভাৰাম মজুমদাৰ, সমাজসেৱক দেৱেন বৰা ।

উল্লেখ্য যে, স্বাস্থ্য পৰীক্ষা শিবিৰটোত চিকিৎসাসেৱা আগবঢ়াই চিকিৎসক আব্দুল কোৱাইম, চিকিৎসক ইজাজ মহমদ ইৰফান, আবিদা বেগমে। স্বাস্থ্যমেলাখনত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ লগতে স্থানীয় লোকে স্বাস্থ্য পৰীক্ষা কৰে। ইয়াৰ আগতে কামপুৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ যোগ প্ৰশিক্ষক ধমেন্দ্ৰ কুমাৰ সিঙে ছাত্ৰ-ছাত্ৰীসকলক যোগ প্ৰশিক্ষণ দিয়ে।

কামপুৰৰ শংকৰদেৱ বিদ্যানিকেতনত স্বাস্থ্য মেলা
বিহপুৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° হৰিনাৰায়ণ শৰ্মাৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in