গৰৈমাৰীত অগ্নিকাণ্ডঃ প্ৰাণ গ'ল মূকবধিৰ দুই ভাতৃৰ...

গৰৈমাৰীত অগ্নিকাণ্ডঃ প্ৰাণ গ'ল মূকবধিৰ দুই ভাতৃৰ...

ডিজিটেল ডেস্কঃ কামৰূপৰ গৰৈমাৰীৰ জাহিৰপুৰত চাঞ্চল্যকৰ ঘটনাই জোকাঁৰি হৈছে সমগ্ৰ ৰাজ্যক।  ঘৰত জুই লাগি একেলগে প্ৰাণ গ'ল দুই ভাতৃৰ৷ প্ৰাপ্ত খবৰ অনুসৰি,  পুৱতি নিশা ২ বজাত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা৷

অগ্নিদগ্ধ হৈ মৃত্যু হোৱা যুৱক দুজন সাজন আলী (২০) আনজন সমেজ আলী (২২)৷গুৰুতৰভাৱে আহত হৈছে যুৱক দুজনৰ মাতৃ আঞ্জুৱাৰা বেগম৷বৈদ্যুতিত শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিৰকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ৷

জাহিৰপুৰ গাঁৱৰ বাহাদুৰ আলীৰ ঘৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা৷ ঘটনা সংঘটিত হোৱা কেইবাঘন্টাৰ পাছত অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই৷  ঘটনাস্থলীত গৰৈমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে দুই যুৱকৰ মৃতদেহ৷

মৃত যুৱক দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰিছে গৰৈমাৰী আৰক্ষীয়ে৷ আহত আঞ্জুৱাৰা বেগমক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত৷

উল্লেখ্য যে, অতি দৰিদ্ৰ বাহাদুৰ আলীৰ মাত্ৰ এটাই চৰকাৰী ঘৰ আছিল৷ এটা ঘৰতে বসবাস কৰিছিল চাৰিজনীয়া পৰিয়ালটো৷ মৃত যুৱক দুজন আছিল মূকবধিৰ। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in