কামপুৰত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ...

বাৰিষা বানত জুৰুলা হোৱা কামপুৰৰ কৃষকে আঘোন মাহত  সন্মুখীন হৈছে হাতীৰ উপদ্ৰৱৰ।বিগত পাঁচদিনে কামপুৰৰ তেঁতেলীসৰা পঞ্চায়তৰ বিভিন্ন এলেকাত পথাৰৰ ধান খাই

author-image
Asomiya Pratidin
New Update
কামপুৰ

ডিজিটেল সংবাদ, কামপুৰঃ  বাৰিষা বানত জুৰুলা হোৱা কামপুৰৰ কৃষকে আঘোন মাহত  সন্মুখীন হৈছে হাতীৰ উপদ্ৰৱৰ।বিগত পাঁচদিনে কামপুৰৰ তেঁতেলীসৰা পঞ্চায়তৰ বিভিন্ন এলেকাত পথাৰৰ ধান খাই তহিলং কৰাৰ পিছত এতিয়া কামপুৰৰ বিভিন্ন এলেকাৰ কৃষক সকলে শংকিত হৈ কেঁচা ধানকে কাটি ঘৰলৈ আনিবলৈ বাধ্য হৈছে।

Advertisment

উল্লেখ্য প্ৰতিবছৰৰ দৰে এইবেলিও ধান পকাৰ সময়ত প্ৰায় শতাধিক বন্যহস্তীয়ে"কামপুৰ অঞ্চলৰ বিভিন্ন স্থানত আজিও উপদ্ৰৱ অব্যাহত আছে । বৃহৎ বনৰীয়া হাতীৰ জাকটোৱে তেতেলীসৰা, তেলিয়াআটী, পলসা আদি কেবাটাও অঞ্চলত পথাৰৰ পকা ধান খাই তহিলং কৰে ।

হাতীৰ জাকটোৱে বৃহত্তৰ অঞ্চলটোৰ শালি ধানৰ খেতি ব্যাপক অনিষ্ট সাধন কৰিছে । পুৱাৰ ভাগত কৃষক সকলে পথাৰত ধান কাটিবলৈ গৈ হাতীৰ অৱস্থান দেখি মূৰে কপালে হাত দিবলগীয়া হৈছে । ইপিনে কামপুৰৰ দক্ষিণ অঞ্চলত চৰাইহাগী, দক্ষিণপাট ভকত গাওঁ, চাংচকী, গাৰোখুন্দা আদি অঞ্চলৰ কৃষকে হাতীৰ আগমনৰ ভয়ত দিনে নিশাই ধান কটাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে ।

স্থানীয় গঞাই নিশা উজাগৰে থাকি হাতী খেদাত ব্যস্ত হৈছে যদিও আনফালে হাতীৰ জাকটো খেদি পঠোৱাত বনবিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে।ৰাজ্যৰ বিয়াগোম বিভাগটোৱে ৰাইজৰ হাতত কেইটামান ফটকা দিয়েই দ্বায়িত্ব সামৰাৰ অভিযোগ উঠিছে।স্থানীয় ৰাইজে হাতীৰ পাহাৰলৈ খেদি পঠাবৰ বাবে  ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা বনমন্ত্ৰীক দাবী জনায়।

বন্যহস্তী