/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1a0bbafa-eb03-48c5-b115-803783d3ae18/xzvcv.jpg)
ডিজিটেল সংবাদ, দুমুনিচকী: মঙলবাৰে পূৱ কামৰূপ মহাবিদ্যালয়ত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।মহাবিদ্যালয়খনৰ নিৰ্বাচনক লৈ সৃষ্টি হয় এই উত্তেজনাৰ। মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীৰ ভিতৰত কেইবাগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল হোৱাত এই পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি জানিব পৰা গৈছে।
মনোনয়ন পত্ৰ বাতিল হোৱাত মহাবিদ্যালয়ৰ চৌহদতে প্ৰতিবাদ মুখৰ হৈ পৰে অধিকাংশ ছাত্ৰ-ছাত্ৰী। মহাবিদ্যালয়খনৰ নিৰ্বাচনী কৰ্তৃপক্ষই ষড়যন্ত্ৰ কৰি মনোনয়ন পত্ৰ বাতিল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ-ছাত্ৰী সকলে।
মহাবিদ্যালয়খনৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত কমলপুৰ সমষ্টিৰ বিজেপি বিধায়ক দিগন্ত কলিতাই ওতঃপ্ৰোত ভাবে জড়িত হৈ থকা বুলি ক্ষোভ প্ৰকাশ কৰে উত্তেজিত ছাত্ৰ ছাত্ৰী সকলে। উত্তেজিত ছাত্ৰ ছাত্ৰী সকলে বাইহাটা চাৰিআলি-গোৰেশ্বৰ গড়কাপ্তানি পথ অৱৰোধ কৰি বিভিন্ন শ্লো গান দি পৰিবেশ উত্তাল কৰি তোলে।
অৱশেষত বাইহাটা চাৰিআলি থানাৰ আৰক্ষী মহাবিদ্যালয়খনত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে অৱৰোধ কৰি ৰখা বাইহাটা চাৰিআলি-গোৰেশ্বৰ গড়কাপ্তানী পথৰ পৰা ছাত্ৰ ছাত্ৰী সকলক আঁতৰাই পঠিয়াই।
Also Read: ইজৰাইলত বিভৎস দৃশ্য! ক'ত আছে শান্তিৰ উশাহ?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us