/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/kamakhya-temple.jpg)
ডিজিটেল ডেস্কঃ আৰম্ভ হৈছে অসমত নাম সলনি প্ৰক্ৰিয়াৰ। অসমৰ সংস্কৃতি, ঐতিহ্যৰ পৰিপন্থী নামৰ স্থানসমূহৰ নাম সলনি কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ লগতে শীঘ্ৰে এটা পৰ্টে'ল মুকলি কৰিব বুলি ঘোষণা কৰিছিল। ইয়াৰ পিছতেই ৰাজ্যজুৰি আৰম্ভ হৈছিল বিতৰ্ক।
এনে বিতৰ্কৰ মাজতে গুৱাহাটী পৌৰ নিগমে প্ৰকাশ কৰিছে এক বিজ্ঞাপন। ১৪ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা এই বিজ্ঞাপনত কোৱা হৈছে মালিগাঁৱৰ পৰা কামাখ্যালৈ যোৱা পথটো মুক্তানন্দ সৰস্বতী নামেৰে নামাকৰণ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে।
এই বিষয়ত স্থানীয় লোকসকলে নিজৰ মতামত দাখিল কৰিব পাৰিব। স্থানীয় লোকৰ মতামতৰ বাবে বিজ্ঞাপন প্ৰকাশ হোৱাৰ পৰা ১৫ দিনলৈকে সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। গুৱাহাটী পৌৰ নিগমত স্থানীয় লোকসকলে নিজৰ মতামত দাখিল কৰিব পাৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us