পঞ্চভূতত বিলীন হ’ল ‘অসম গৌৰৱ বঁটা’ প্ৰাপক কল্পনা বড়ো

পঞ্চভূতত বিলীন হ’ল ‘অসম গৌৰৱ বঁটা’ প্ৰাপক কল্পনা বড়ো

author-image
asomiyapratidin
New Update
পঞ্চভূতত বিলীন হ’ল ‘অসম গৌৰৱ বঁটা’ প্ৰাপক কল্পনা বড়ো

ডিজিটেল সংবাদ,ওৰাং:পঞ্চভূতত বিলীন হ'ল কল্পনা বড়ো। ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় কল্পনা বড়োৰ। দল-সংগঠন, শুভাকাংখীসকলে অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় দিয়ে কল্পনা বড়োক। নিজৰ কৰ্মৰাজী, সৰলতা আৰু দায়বদ্ধতাৰে সমাজত পৰিচয় দি গ'ল কল্পনা বড়োৱে। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰন্ত হৈ জীৱন যুঁজত যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কল্পনা বড়োৱে। সমাজৰ কাম কৰাৰ বাবে জীয়াই থাকিব বিচাৰিছিল কল্পনা বড়োৱে।

Advertisment

যোৱা ২০২২ চনৰ ২৪ জানুৱাৰীত অসম চৰকাৰৰ অসামৰিক সন্মান "অসম গৌৰৱ বটাঁ" লাভ কৰিছিল কল্পনা বড়োৱে। ৰবিবাৰে পুৱা ৪ বজাত ৰৌতাৰ ভালুকমাৰীৰ বালিসিহা গাঁৱৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে কল্পনা বড়োৱে। ৰবিবাৰে পুৱা ৰৌতাস্থিত বাসগৃহত মৃত্যু ঘটে কল্পনা বডো়ৰ। কল্পনা বড়ো এগৰাকী অংগনবাড়ী কৰ্মী আছিল।ৰাজহুৱা সেৱাৰ বাবে অসম গৌৰৱ সন্মান লাভ কৰিছিল কল্পনা বড়োৱে।ৰাজ্য খনৰ মুঠ ১৩ গৰাকী ব্যক্তিক অসম চৰকাৰে প্ৰদান কৰা অসম গৌৰৱ বটাৰ ভিতৰত আছিল কল্পনা বড়ো।

কল্পনা বড়োক সম্প্ৰদায়ৰ সৈতে দক্ষতাৰে সম্পৰ্ক গঢ়ি তোলা, পৰিপূৰক পুষ্টি প্ৰদান কৰাত ভাল প্ৰদৰ্শন, নিয়মীয়া বিকাশ নিৰীক্ষণ আৰু চিনাক্ত কৰা এছ.এ.এম. শিশুনিয়মীয়াকৈ টিকাকৰণত দেখুওৱা পাৰদৰ্শিতাৰ বাবে অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছিল। শিশুসকলৰ সৰ্বাধিক বিকাশৰ বাবে প্ৰাক-বিদ্যালয় শিক্ষা কাৰ্যকৰীভাৱে পৰিচালনা কৰা আৰু পোচান ট্ৰেকাৰ এপত ডাটা আপলোড কৰাত কল্পনা বড়োৱে অতি ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। নিজৰ দায়িত্ব আৰু কৰ্তব্য পালনৰ ক্ষেত্ৰত সদায় সফল হৈছিল কল্পনা বড়ো। কল্পনাৰ মৃত্যুত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ওদালগুৰি জিলাত।

সমাজৰ হৈ কাম কৰাৰ বহু আশা পুহি ৰাখিছিল কল্পনা বড়োৱে।মৃত্যুৰ সময়ত কল্পনা বড়োৰ বয়স আছিল ৪৮ বছৰ।‌ পৰিয়াল আৰু দুই সন্তান সহ অজস্ৰ গুণমুগ্ধক কন্দুৱাই কাহানিও উভতি নহা বাটেৰে আতৰি গ'ল কল্পনা বড়ো।

আৰু পঢ়ক:নগাঁৱত ৰাষ্ট্ৰীয় মীন পালন দিৱস উদযাপন,চাৰি গৰাকী মীন পালকক সম্বৰ্ধনা

assam orang