পৰ্যটনক্ষেত্ৰত কলিয়াবৰৰ বাবে এটা ইতিবাচক খবৰ...

অসম পৰ্যটন বিভাগৰ অন্তৰ্ভুক্ত হোৱা শিলঘাট অশোকাষ্টমী মেলা উদযাপনৰ ব্যাপক প্ৰস্তুতি
পৰ্যটনক্ষেত্ৰত কলিয়াবৰৰ বাবে এটা ইতিবাচক খবৰ...

ডিজিটেল সংবাদ, কলিয়াবৰ: কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ বালিত বছৰ বছৰ ধৰি বিশাল আয়োজনেৰে অনুষ্ঠিত হৈ অহা অশোকাষ্টমী মেলাই পৰ্যটনক্ষেত্ৰত কলিয়াবৰলৈ বৰঙনি আগবঢ়াই আহিছে। অসম পৰ্যটন বিভাগত অন্তৰ্ভুক্ত হ’ল এই শিলঘাট অশোকাষ্টমী মেলা।

অহা ২৯ মাৰ্চৰ পৰা আৰম্ভ হ'ব এই মেলা। কলিয়াবৰ মহকুমাৰ প্ৰাক্তন মহকুমাধিপতি তথা তদানীন্তন অসম পৰ্যটন উন্নয়ন নিগমৰ সঞ্চালিকা মধুমিতা ভাগৱতীৰ ঐকান্তিক প্ৰচেষ্টাত অসম পৰ্যটনৰ মানচিত্ৰত স্থান লাভ কৰিছে ১০৫ বছৰীয়া ঐতিহ্যপূৰ্ণ শিলঘাট অশোকাষ্টমী মেলাই । সেয়েহে লক্ষাধিক ভক্তক আদৰিবলৈ সাজু হৈছে মেলা সমিতি।

বিগত বৰ্ষত নদীৰ গৰাখহনীয়াত জাহ গৈছিল মেলা অনুষ্ঠিত কৰা বৃহৎ ভূমি। যাৰ বাবে এই বৰ্ষত ৰাস্তাৰ দুয়োপাৰে প্ৰসাৰিত হ'ব মেলা খনি। ইতিমধ্যে মেলা সমিতিয়ে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যেই সহস্ৰাধিক বিপনী আহিছে মেলা স্থলীলৈ। ২৮ মাৰ্চৰ নিশা নাম প্ৰসংগৰে আৰাম্ভ হ'ব অশোকাষ্টমী মেলা।

অসমৰ দ্বিতীয় শক্তিপীঠ কামাখ্যা মন্দিৰ আৰু অসম সমবায় মৰাপাট কলৰ গাতে লাগি থকা এই মেলা চাবৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ লোকৰ সমাগম ঘটিব বুলি আশা কৰিছে আয়োজক সমিতিয়ে। উল্লেখ্য যে¸ এই মেলাৰ পৰা সংগ্ৰহ হোৱা ধনেৰে মেলা কমিটিয়ে বিভিন্ন উন্নয়ন মূলক কাম কৰাৰ লগতে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ সুবিধা প্ৰদান কৰি আহিছে।

ইতিমধ্যে বৃহত্তৰ মেলাখনি সু-পৰিচালনাৰ বাবে ধৰ্ম বৰাক সভাপতি আৰু লুহিত বৰাক সম্পাদক হিচাপে লৈ এখনি শক্তিশালী সমিতি গঠন কৰা হৈছে ৷

পৰ্যটনক্ষেত্ৰত কলিয়াবৰৰ বাবে এটা ইতিবাচক খবৰ...
ভগ্নীস্নেহ! ৰাহুল গান্ধীৰ পদ খাৰিজত উভতি ধৰিছে প্ৰিয়ংকা গান্ধীয়ে...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in