/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/fdffffffffff.jpg)
ডিজিটেল,সংবাদ কলিয়াবৰ: ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত সফলতা অৰ্জন কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হ'ল কলিয়াবৰৰ ত্ৰিশূল ভূঞা।
দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ Indian Mixed Martial Arts (MMA) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল কলিয়াবৰৰ ত্ৰিশূল ভূঞাই ।
অসম দলৰ হৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ত্ৰিশূল ভূঞাই বিপৰীত পক্ষৰ খেলুৱৈক 1st Round ত মাত্ৰ ২৭ চেকেণ্ডতে Knock out কৰি সফলতা লাভ কৰে।
এই সফলতা অৰ্জন কৰাৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবৰ বাবে নিৰ্বাচিত হয় ত্ৰিশূল ভূঞা। দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ Indian Martial Arts (MMA) প্ৰতিযোগিতাত ভাৰতৰ কেইবাখনো ৰাজ্যৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে¸ ত্ৰিশূল ভূঞাই brothers fight club নামৰে নিজাববীয়াকৈ এটা প্ৰশিক্ষণ চেন্টাৰ খুলি কলিয়াবৰত প্ৰায় ১০০ জন প্ৰশিক্ষাৰ্থীক কাৰাটেৰ প্ৰশিক্ষণ দি আহিছে।
আৰু পঢ়ক: শৰীৰত জুই লগাই বেংকত প্রৱেশ কৰি আত্মহত্যা কৰ্মচাৰীৰ