/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/tiger-1.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ: কলিয়াবৰ মহকুমাৰ আমগুৰি গাঁও পঞ্চায়ত এলেকাৰ ফুলগুৰি অঞ্চলত বাঘৰ উপদ্ৰৱে সৃষ্টি কৰিছে গভীৰ আতংকৰ। যোৱা কিছু দিনত দিনদুপৰতে এটা ঢেকীয়াপটীয়া বাঘৰ সন্ত্ৰাসে অঞ্চলটোত সৃষ্টি কৰিছে আতংক ।
জানিব পৰা মতে সমীপতে থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড ঢেকিয়াপটীয়া বাঘে অঞ্চলটোত বিচৰণ কৰি গঞাৰ কেইবাটাও গো-ধন খাই ত্ৰাসৰ সৃষ্টি কৰিছে । দিন-দুপৰতে বাঘে বিচৰণ কৰে অঞ্চলটোত ।
মানুহৰ ঘৰৰ কাষৰ হাবিয়নিতে বাঘ বিচৰণ কৰাত এতিয়া অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে । ইতিমধ্যে অঞ্চলটোৰ পদুম চেত্ৰী, ভূৱন ৰাণাকে ধৰি কেইবাঘৰৰ মুঠ ৮টা গৰু বাঘটোৱে নিধন কৰিছে। বন বিভাগক বাঘটোক কাজিৰঙালৈ খেদি পঠিওৱা ব্যৱস্থা কৰিবলৈ অঞ্চলবাসীয়ে আহ্বান জনাইছে ।
আৰু পঢ়ক: বোকাজানত প্ৰায় ২ কোটি টকাৰ ড্ৰাগছ জব্দ…