ৰৈ থকা টেংকাৰত প্ৰচণ্ড খুন্দা, থিতাতে নিহত ২, আহত ৬

ৰৈ থকা টেংকাৰত প্ৰচণ্ড খুন্দা, থিতাতে নিহত ২, আহত ৬

author-image
asomiyapratidin
New Update
ৰৈ থকা টেংকাৰত প্ৰচণ্ড খুন্দা, থিতাতে নিহত ২, আহত ৬

ডিজিটেল সংবাদ,কলিয়াবৰ: স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে সোমবাৰে বিয়লি কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।ৰৈ থকা টেংকাৰত এখন বাহনে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে নিহত হয় ২ জন আৰোহী।

কলিয়াবৰৰ জখলাবন্ধা ৰাঙলুৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত গুৰুত্বৰ ভাবে আহত হয় ৬ আৰোহী। ইয়াৰে এগৰাকী যুৱক থিতাতে নিহত হোৱাৰ লগতে আন এজন যুৱক জখলাবন্ধা চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ।

দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ পঞ্জীয়ন নম্বৰ এ এছ ১৩ পি ৫০৬৬ I বাহনখন কাজিৰঙা পৰা ঢেকিয়াজুলি অভিমুখী আছিল বুলি প্ৰত্যক্ষ দৰ্শীয়ে জানিব দিয়ে। আহত আটাইকেইজন আৰোহীক সংকটজনক অৱস্থাত জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। বাতৰি যুগুটোৱা সময়লৈকে হতাহতৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

আৰু পঢ়ক: ৰীল বনাবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন যুৱক…

assam dead road accident