ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ, থিতাতে নিহত এজন

কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত ৰাঙলুৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত বুধবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়

author-image
Asomiya Pratidin
New Update
ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ, থিতাতে নিহত এজন

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত ৰাঙলুৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত বুধবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হয়। নিহত জনক যোৰহাটৰ ৰাজীৱ বৰা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

Advertisment

জানিব পৰা মতে ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়। এএছ ০৩ এ ই ৪১১০ নম্বৰৰ বাহনখন গুৱাহাটীৰ পৰা যোৰহাটলৈ গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা এ পি ০৫ টি জি ২৩৮৯ নম্বৰৰ ট্ৰাকত খুন্দা মাৰে।

সৰু টাটাৰ বাহনখনত চালকসহ দুজন আৰোহী আছিল । চালকৰ আসনত থকা ৰাজীৱ বৰাৰ ঘটনাস্থলীতে মৃত্যু হয় । ইফালে স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে আহত ঋতিক বৰদলৈক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱাই ।

road accident