কলিয়াবৰত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু…

কলিয়াবৰত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু…

author-image
asomiyapratidin
New Update
কলিয়াবৰত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু…

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ কুঁৱৰীটোল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে নিশা প্ৰায় ৮ বজাত এক শোকাৱহ পথ দুৰ্ঘটনা এজন যুৱক নিহত হয় । ঘটনাৰ বিৱৰণী মতে, এ এছ ১২ এ ই ৩৮৪৮ নম্বৰৰ কেটিএম বাইক খনৰে দুই আৰোহীয়ে গৈ থকাৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই পদ পথত খুন্দা মৰাৰ ফলতে কৰুন দুৰ্ঘটনাটো সংঘটিত হয় ।

Advertisment

দুৰ্ঘটনাটোত এজন বাইক আৰোহী নিহত হোৱাৰ লগতে আন জন আৰোহী গুৰুত্বৰ ভাৱে আহত হয় । নিহতজন কলিয়াবৰৰ মিলন নগৰৰ দৰ্শিত বৰা(২১) আৰু আহতজন কলিয়াবৰৰ নসত্ৰৰ মানস বৰা বুলি চিনাক্ত কৰা হৈছে ।

উল্লেখ্য যে, কলিয়াবৰ থানাৰ সন্মুখতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চকা ফুটি পদপথত চুচৰি যায় কে টে এম বাইকখন । দুইজন বাইক আৰোহীকে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসালয়ত মৃত্যু ঘটে দৰ্শিত বৰাৰ। উদীয়মান যুৱকজনৰ অকাল বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

আৰু পঢ়ক: এছিয়া কাপত বৃহৎ অঘটন; আফগানিস্তানৰ হাতত পৰাস্ত বাংলাদেশ

assam dead kaliabor road accident