ট্ৰাকৰ খুন্দাত কলিয়াবৰ মহাবিদ্যালয়ৰ কাৰ্যালয় সহায়ক অতুল বৰুৱাৰ বিয়োগ

ট্ৰাকৰ খুন্দাত কলিয়াবৰ মহাবিদ্যালয়ৰ কাৰ্যালয় সহায়ক অতুল বৰুৱাৰ বিয়োগ

author-image
asomiyapratidin
New Update
ট্ৰাকৰ খুন্দাত কলিয়াবৰ মহাবিদ্যালয়ৰ কাৰ্যালয় সহায়ক অতুল বৰুৱাৰ বিয়োগ

ডিজিটেল সংবাদ,কলিয়াবৰ: কলিয়াবৰৰ উলুৱনী চাৰিআলিত মঙলবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত এজন স্কুটি আৰোহী নিহত হয়। নিহতজনক বৰুৱা চুক নিবাসী তথা কলিয়াবৰ মহাবিদ্যালয়ৰ কাৰ্যালয় সহায়ক অতুল বৰুৱা(৫৫) বুলি চিনাক্ত কৰা হৈছে।

Advertisment

স্কুটিৰে আহি থকাৰ সময়তে পুৱাবেলা দুৰ্ঘটনাটো সংঘটিত হোৱাত গুৰুতৰ ভাৱে আহত অতুল বৰুৱাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাতেই চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

এওঁৰ মৃত্যুত জন্ম স্থান সমগ্ৰ বৰুৱা চুক গাঁৱৰ লগতে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমূখ্যে শিক্ষক-কৰ্মচাৰী ছাত্ৰ ছাত্ৰী সকলৰ মাজত গভীৰ শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু একমাত্ৰ পুত্ৰ সন্তান সহিতে বহু আত্মীয় কুটুম্বক এৰি থৈ গৈছে।

assam road accident kaliabor