/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰ, : দেওবাৰে সন্ধিয়া কলিয়াবৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। কলিয়াবৰ তিনিআলিত ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হ'ব লওতেই দ্ৰুতবেগী অচিনাক্ত বাহনৰ খুন্দাত এজন পথচাৰী থিতাতে নিহত হয় ।
জানিব পৰা মতে ঘৰৰ বজাৰ কৰিবৰ বাবে ধন বিশ্বাস নামৰ ব্যক্তিজন কলিয়াবৰ তিনিআলিলৈ আহিছিল আৰু সেই সময়তে সংঘটিত হয় দুৰ্ঘটনাটো।
দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহন খনে পলায়ন কৰে । কলিয়াবৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ধন বিশ্বাসৰ মৃতদেহ ৰাষ্ট্ৰীয় ঘাই পথৰ মাজৰ পৰা উদ্ধাৰ কৰে। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহন খনৰ সন্ধানত কলিয়াবৰ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ।