ডুলু চাহ বাগিছাত হোৱা উচ্ছেদৰ বিৰোধিতাৰে কলিয়াবৰত উত্তাল প্ৰতিবাদ…

ডুলু চাহ বাগিছাত হোৱা উচ্ছেদৰ বিৰোধিতাৰে কলিয়াবৰত উত্তাল প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
ডুলু চাহ বাগিছাত হোৱা উচ্ছেদৰ বিৰোধিতাৰে  কলিয়াবৰত উত্তাল প্ৰতিবাদ…

ডিজিটেল সংবাদ,কলিয়াবৰঃ সোমবাৰে কলিয়াবৰৰ মিছাত আছাৰ প্ৰতিবাদী কাৰ্যসূচী। কাছাৰৰ ডলু চাহ বাগিচাত হোৱা উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ। প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে কলিয়াবৰৰ মিছাৰ ৰাজপথ।

Advertisment

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে চাহ জনগোষ্ঠীয় নেতা টেৰছ গোৱালা আৰু কামাখ্যা প্ৰসাদ তাছাৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীসকলে।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত সোমবাৰে মিছাত প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথ উত্তাল কৰি তোলে বিভিন্ন চাহ বাগিচাৰ পৰা অহা লোকসকলে। কাছাৰ জিলাৰ ডুলু চাহ বাগিচাৰ পৰা উচ্ছেদিত আদিবাসী লোক সকলক সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী কৰে প্ৰতিবাদ কাৰী সকলে।

আৰু পঢ়ক: এ পি এছ চি ২০১৪ ৰ বিসংগতিৰ তদন্তৰ দায়িত্ব গ্ৰহণ বিপ্লৱ শৰ্মাৰ…

assam kaliabor protest