/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/kalia.png)
ডিজিটেল সংবাদ,কলিয়াবৰ: অৱশেষত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদত নামিল দিশহাৰা প্ৰশাসন। বৃহস্পতিবাৰে ৰাজপত্ৰিত বিষয়া, কৰ্মছাৰীৰ প্ৰতিবাদত উত্তাল হ'ল কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়।
সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাণজিৎ লহকৰে এগৰাকী কাৰ্যবাহী দণ্ডাধীশ বিভাস মেধিক শাৰীৰিকভাৱে অপদস্থ কৰাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। ঘটনাক গৰিহণা দি প্ৰাণজিৎ লহকৰক চাকৰিৰ পৰা বৰ্খাস্তৰ দাবী ৰাজপত্ৰিত বিষয়াসকলৰ।