কলিয়াবৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান সম্পন্ন...

"বৰ্তমান সময়ত বহুল ভাৱে প্ৰচলিত পৰ্টেল আৰু সামাজিক মাধ্যমে সংবাদ মাধ্যমক ক্ষতি কৰিছে।
কলিয়াবৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান সম্পন্ন...

ডিজিটেল সংবাদ কলিয়াবৰঃ "বৰ্তমান সময়ত বহুল ভাৱে প্ৰচলিত পৰ্টেল আৰু সামাজিক মাধ্যমে সংবাদ মাধ্যমক ক্ষতি কৰিছে। ই গনতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। কলিয়াবৰত উপস্থিত হৈ দেওবাৰে এই মন্তব্য কৰে অৰুণাচলৰ বিশিষ্ট সাংবাদিক তথা অৰুণ ভুমি কাকতৰ মুখ্য সম্পাদক টাকাম চ'নীয়াই।

কলিয়াবৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণী অনুষ্ঠানৰ দ্বিতীয় দিনাৰ মুকলি সভাত বিশিষ্ট অতিথি ৰূপে ভাষন দিয়ে অৰুণাচল প্ৰদেশৰ বিশিষ্ট সাংবাদিক তথা অৰুণভূমি কাকতৰ মূখ্য সম্পাদক টাকাম চ'নীয়াই। তেওঁ লগতে কয় সাংবাদিকে ৰাইজৰ মাজত সদভাব বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব।

সংবাদ মাধ্যমৰ এক গুণগত বৈশিষ্ট থকাৰ লগতে সাংবাদিকতাৰ কৰ্মত বিশ্বাসযোগ্যতা থাকিব লাগে বুলিও কয় । লগতে কয়, তেওঁ লগতে কয় সংবাদ মাধ্যম হ'ল সমাজৰ দাপোন স্বৰূপ। ইয়াত সমাজৰ প্ৰতিটো বিষয় ৰাইজৰ মাজলৈ লৈ যাব লাগে। বৰ্তমান সময়ত বাতৰি কাকতৰ অৱস্থা শোচনীয় বুলিও তেওঁ মন্তব্য কৰে। অসম আৰু অৰুণাচল প্ৰদেশৰ সংবাদ মাধ্যম আৰু সংবাদ কৰ্মীসকলে ৰাজ্য দুখনৰ বিভিন্ন সংঘাতৰ বিষয়ে ৰাইজৰ মাজত বিভেদ সৃষ্টি কৰাৰ বিপৰীতে ঐক্যবদ্ধ ভাবে কাম কৰি দুয়ো ৰাজ্যৰ ৰাইজৰ মাজত সদভাব বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ কাম কৰি যাব লাগিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

কলিয়াবৰ প্ৰেছ ক্লাবৰ সম্পাদক জয়ন্ত কুমাৰ শৰ্মাই আঁতধৰা অনুষ্ঠানত কলিয়াবৰৰ যুৱতী শিল্পী সকলে ৰূপজ্যোতি গোস্বামীৰ ৰচনা আৰু যোগেন বৰদলৈৰ সুৰৰে সমৃদ্ধ সমবেত সঙ্গীত পৰিবেশনেৰে সভাৰ শুভাৰম্ভ কৰে। মুকলি সভা উদ্বোধন কৰি প্ৰাক্তন মন্ত্ৰী, বিশিষ্ট লেখক গুণীন হাজৰিকাই কয় যে, অসমৰ বাতৰি কাকতৰ ক্ৰমবিকাশৰ লগতে বাতৰি কাকত প্ৰকাশত অসমৰ স্বনামধন্য ব্যক্তিৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টা আৰু বৰ্তমান সময়ত সংবাদ মাধ্যমৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সম্পকে আলোকপাত কৰে।

বিশেষকৈ বৰ্তমান সময়ত চৰকাৰী পক্ষ আৰু পূঁজিপতিসকলে সংবাদ মাধ্যমৰ ওপৰত দেখুওৱা প্ৰভাৱ আৰু সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্বৰ বাবে গ্ৰহণ কৰা পদক্ষেপে পেলাব পৰা প্ৰভাৱ সম্পৰ্কেও আলোকপাত কৰে। কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তপন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত কলিয়াবৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি প্ৰণৱ মহন্তই আদৰণি ভাষণ আগবঢ়ায়।

অনুষ্ঠানত বিশিষ্ট লেখক ডা: হেমন্ত কুমাৰ গোস্বামীয়ে সংবাদ মাধ্যমৰ ইতিবৃত্ত, সাংবাদিকতাৰ দায়বদ্ধতা আৰু সংবাদ ক্ষেত্ৰত সংবাদকৰ্মীসকলৰ‌ গুণগত মানদণ্ডৰে সংবাদ পৰিবেশনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ সাংবাদিকৰ ওপৰত ৰচিত এটি কবিতা পাঠ কৰি সকলোকে আহ্লাদিত কৰি তোলা দেখা যায়। মৰিগাঁৱৰ মায়ঙৰ অসমীয়া প্ৰতিদিনৰ সাংবাদিক নজৰুল ইছলামে মফছলীয়া সাংবাদিকসকলে ৰাইজৰ আস্থাভাজন হ'বলৈ কিদৰে প্ৰবল প্ৰত্যাহ্বানৰ মাজেৰে কাম কৰিব লাগে আৰু ব্যক্তিগত বিভিন্ন সমস্যাৰ মাজতো সংবাদ ক্ষেত্ৰত কিদৰে কাম কৰি যায় এই সম্পকে বক্তব্য আগবঢ়ায়।

লগতে তেঁও কলিয়াবৰৰ সংবাদকৰ্মী সকলৰ ভূমিকাক শলাগ লৈ সংবাদিক সকলৰ ৰাইজৰ বিশ্বাসভাজন হৈ জনতাৰ কণ্ঠস্বৰ হ’বলৈ আহ্বান জনায় ৷ সভাত আমন্ত্ৰিত অতিথি ৰূপে নগাঁও প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক পলাশ প্ৰতীম হাজৰিকা, মৰিগাঁৱৰ অসমীয়া প্ৰতিদিনৰ সাংবাদিক ৰিতুমনি মহন্ত বিশিষ্ট সমাজকৰ্মী মণি মাধৱ মহন্ত, কলিয়াবৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি নৃপেন চন্দ্ৰ কেওঁট, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভূপেন শৰ্মাকে প্ৰমূখ্য কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি সভাপতি ভূপেন শৰ্মা আৰু সম্পাদক ৰূপজ্যোতি গোস্বামীৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ "মহী অসি" কলিয়াবৰৰ মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাসে উন্মোচন কৰে । উন্মোচনী ভাষনত মহকুমাধিপতিগৰাকীয়ে কয়--এটা সময় আছিল য’ত অসমীয়া প্ৰতিদিনৰ দৰে শক্তিশালী কাকত গোষ্ঠীয়ে ৰাইজৰ মূখপাত্ৰ হিচাপে সেৱা আগবঢ়াইছিল ৷

ৰাইজৰ ইমানেই আস্থাভাজন হৈছিল যে নিৰ্ৱাচনত এটা নিশাৰ ভিতৰতে চৰকাৰ সলায় দিয়াৰো নজিৰ আছিল অসমীয়া প্ৰতিদিনৰ কিন্তু সাম্প্ৰতিক সময়ত বিভিন্ন কাৰন আৰু কাৰকৰ বাৱেই সংবাদ মাধ্যমে সেই ধাৰাবাহিকতা অক্ষুন্ন ৰক্ষাত ব্যৰ্থ হৈছে ৷ সংবাদ মাধ্যম আৰু জনতাৰ মাজত সম্পৰ্কৰ ব্যৱধান পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি লাভ কৰাটো উদ্বেগজনক বিষয় বুলি তেঁও সদৰী কৰে ৷

উক্ত অনুষ্ঠানতেই ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি বৰ্ষটোত আয়োজিত সদৌ অসম ভিত্তিত কবিতা লিখা, প্ৰৱন্ধ ৰচনা, বাতৰি লিখা, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, ছাত্ৰ- ছাত্ৰ-ছাত্ৰীৰ মাজত তৰ্ক প্ৰতিযোগিতা আদি বিভিন্ন প্ৰতিযোগিতাত বঁটা প্ৰাপসকল বঁটাসমূহ প্ৰদান কৰে। কলিয়াবৰ প্ৰেছ ক্লাবৰ কিশোৰী কুমাৰ ডেকাই শৰাইৰ আগবঢ়োৱা সভাত কলিয়াবৰৰ বিভিন্ন ব্যক্তি-অনুষ্ঠানৰ বিষয়ববীয়াসকল উপৰিও থাকি সভা সাফল্য মণ্ডিত কৰে। আজি পূৱা "সময়ৰ বালিত ৰূপালী খোজ" শীৰ্ষক জ্যেষ্ঠ নাগৰিকৰ খোজ কঢ়া প্ৰতিযোগিতা কলিয়াবৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই উদ্বোধন কৰে।

সন্ধিয়া সাংস্কৃতিক সমাৰোহ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক বিশিষ্ট কণ্ঠ শিল্পী তৰালী শৰ্মাই উদ্বোধন কৰা অনুষ্ঠানত আমন্ত্ৰিত বহুকেইগৰাকী শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰি কলিয়াবৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী উৎসৱৰ সফল সামৰণী কৰে। কালি সন্ধিয়া ৰূপালী জয়ন্তী উপলক্ষে ২৫ গছি প্ৰজ্বলন কৰা হয়।‌‌‌‌‌‌‌‌ অনুষ্ঠান মুকলি কৰে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক পুস্পেন্দ্ৰ শইকীয়াই। ইয়াৰ পিছতে প্ৰয়াত সাংবাদিক মহেন্দ্ৰ কুমাৰ মহন্তৰ স্মৃতিত নিশা সাংবাদিক আৰু স্থানীয় শিল্পী সকলে পৰিবেশন কৰা অংকীয়া নাট ৰাম বিজয় ভাওনা উদ্বোধন কৰে প্ৰয়াত সাংবাদিক মহেন্দ্ৰ কুমাৰ মহন্তৰ জ্যেষ্ঠ পুত্ৰ নৃপেন্দ্ৰ কুমাৰ মহন্তই। ভাওনাখনিয়ে সকলোকে মুগ্ধ কৰে ।

আৰু পঢ়ক: 'অসমীয়া প্ৰতিদিন'ৰ জ্যেষ্ঠ সংবাদকর্মী সুদর্শন দাস ৰায়ৰ পৰলোকপ্ৰাপ্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in