কলিয়াবৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সাংবাদিক নৱ ঠাকুৰীয়া…

কলিয়াবৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সাংবাদিক নৱ ঠাকুৰীয়া…

author-image
asomiyapratidin
New Update
কলিয়াবৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সাংবাদিক নৱ ঠাকুৰীয়া…

ডিজিটেল সংবাদ,কলিয়াবৰঃ বৰ্তমান বহুল প্ৰচলিত পৰ্টেল,ক'ভিড সৃষ্ট পৰিবেশ, ডিজিটেল নিউজ আৰু সামাজিক মাধ্যমৰ প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে পেচাদাৰী সাংবাদিকৰ লগতে সংবাদ গোষ্ঠী সমূহ । কলিয়াবৰত দেওবাৰে এই মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াই।

Advertisment

কলিয়াবৰৰ জখলাবন্ধাত কলিয়াবৰ প্ৰেছ ক্লাবৰ ২৫ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে দেওবাৰে অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে ভাষন দি বিশিষ্ট সাংবাদিক নৱ ঠাকুৰীয়াই বৰ্তমানৰ সংবাদ জগতৰ উত্থান পতনৰ সম্পৰ্কত কবলৈ গৈ এই মন্তব্য কৰে।

বিগত দুটা বছৰত ক'ভিডে বাতৰি কাকতৰ প্ৰচলনত বিস্তৰ ক্ষতি সাধন কৰে বুলিও তেওঁ মন্তব্য কৰে। কলিয়াবৰ প্ৰেছ ক্লাৱৰ সভাপতি তপন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভাষন দি ঠাকুৰীয়াই সাংবাদিক সকল আগতকৈ বেছি সক্ৰিয় হৈছে বুলি প্ৰকাশ কৰে। নতুন প্ৰজন্মৰ যুৱক যুৱতী সকলক ফেচবুকৰ জৰিয়তে ভাল ভাল কাম কৰিবলৈও আহ্বান জনায়।

লগতে তেঁও সাম্প্ৰতিক সংবাদ ক্ষেত্ৰ খনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি কয় যে–দহ বছৰ পূৰ্বে সমাজত এগৰাকী সাংবাদিকৰ যি মৰ্যদা আছিল সেয়া এতিয়া দূৰুহ হৈ পৰিছে ৷ ভাল সাংবাদিক সকলক যথোপযুক্ত সামাজিক মৰ্যদা আৰু সুৰক্ষা প্ৰদান কৰিবলৈ তেঁও ৰাইজৰ প্ৰতি আহ্বান জনায় ৷ সভাত নিৰ্দিষ্ট বক্তা ভাষন প্ৰসংগত স্থানীয় বিশিষ্ট লেখক তথা ইতিহাস গৱেষক নবীন বৰঠাকুৰে কয় যে কলিয়াবৰৰ গোবিন্দ ৰাম ভূঞাই অৰুনোদই কাকতত কলিয়াবৰৰ পৰা এটা সময়ত সাংবাদিকতা কৰি সাংবাদিকতাৰ ক্ষেত্ৰখনত নিজৰ নাম সন্নিবিষ্ট কৰি গৈছে।

কলিয়াবৰৰ আন এজন সাংবাদিক অভিৰাম ভূঞাই নিজা ঘৰত ছপাশাল বহুৱাই ১৯২৭ চনতে কলিয়াবৰৰ পৰা প্ৰথম "অসমা" নামৰ এখনি বাৰ্তালোচনী প্ৰকাশ কৰি ইতিহাস ৰচনা কৰাৰ কথাও বৰঠাকুৰে সভাত উল্লেখ কৰে। কলিয়াবৰীয়া সাংবাদিকতাৰ বাটকটীয়া অভিৰাম ভূঞাক কলিয়াবৰীয়া 'নাথান ব্ৰাউন' বুলিহে বৰঠাকুৰে সভাত অভিহিত কৰে।

উক্ত সভাতে পুৱা বেলা প্ৰতিষ্ঠা দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰী সকলৰ মাজত সাংবাদিক আশীষ কুমাৰ শইকীয়াৰ পৰিচালনাত আয়োজন কৰা বাতৰি লিখা আৰু বাতৰি পৰিৱেশন প্ৰতিযোগিতাত ১ম, ২য় আৰু ৩য় স্থান প্ৰাপ্ত প্ৰতিযোগী ক্ৰমে ৰুলী গোস্বামী, গৌৰৱ চেত্ৰী, বীনা হাজৰিকা, নিহাৰীকা বৰদলৈ, কামিনী কাঞ্চন বৰুৱা আৰু ৰুলী গোস্বামীক মান পত্ৰ আৰু কিতাপৰ টোপোলা প্ৰদান কৰা হয়।

সম্পাদক জয়ন্ত কুমাৰ শৰ্মাই আঁত ধৰা সভা খনিৰ আৰম্ভণিতে স্থানীয় শিল্পীৰ সকলে পৰিৱেশন কৰা সমবেত সংগীতে শ্ৰোতাক মুগ্ধ কৰে। প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰনৱ মহন্ত, কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি হেমোধৰ হাজৰিকা, বিশিষ্ট লেখক ভূপেন শৰ্মা, পুলিন হাজৰিকা, সংগীতা পূজাৰী, মামণি ভূঞা হাজৰিকা, পুস্পেন্দ্ৰ শইকীয়া, টংকেশ্বৰ শইকীয়া আদি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। পুৱা পতাকা উত্তোলন কৰে সভাপতি তপন শইকীয়াই, স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে জ্যেষ্ঠ সাংবাদিক নৰেন্দ্ৰ নাথ হাজৰিকাই।

উল্লেখ্য যে, দুদিনীয়াকৈ আয়োজন অনুষ্ঠানৰ প্ৰথম দিনা কালি ছাত্ৰ ছাত্ৰী সকলক লৈ এখনি সাংবাদিকতাৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়। প্ৰায় ৪০ গৰাকী শিক্ষাৰ্থীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰে।

আৰু পঢ়ক: পিংকুক কিয়, কেনেকৈ কৌশলেৰে মাতি নি হত্যা কৰিছিল বন্ধুয়ে…

assam kaliabor