৩৬ ঘন্টা ধৰি অন্ধকাৰত দিন কটাইছে পশ্চিম কলিয়াবৰৰ ৰাইজে…

৩৬ ঘন্টা ধৰি অন্ধকাৰত দিন কটাইছে পশ্চিম কলিয়াবৰৰ ৰাইজে…

author-image
asomiyapratidin
New Update
৩৬ ঘন্টা ধৰি অন্ধকাৰত দিন কটাইছে পশ্চিম কলিয়াবৰৰ ৰাইজে…

ডিজিটেল সংবাদ,কলিয়াবৰঃ বিদ্যুৎ বিভাগৰ কৰ্মকাণ্ডই এতিয়া অতিষ্ঠ কৰি তুলিছে পশ্চিম কলিয়াবৰৰ সৰ্বসাধাৰণ ৰাইজক। ৩৬ ঘন্টা ধৰি অন্ধকাৰত দিন পাৰ কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ গঞাই। জানিব পৰা মতে শনিবাৰৰ দিনা সমগ্ৰ কলিয়াবৰ অঞ্চলতে বিদ্যুৎ যোগান ব্যাহত হৈছিল যদিও তাৰ পাছৰ দিনা অন্যান্য ঠাইত বিদ্যুতৰ পোহৰ ৰাইজে দেখা পালে যদিও পশ্চিম কলিয়াবৰ অঞ্চলৰ ৰাইজে আজিলৈকে তিনি দিন ধৰি বিদ্যুতৰ পোহৰ দেখিবলৈ নোপোৱাত সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণ অতিকৈ ক্ষুব্ধ হৈ পৰিছে।

Advertisment

এই ক্ষেত্ৰত স্থানীয় যুৱ কৃষক গৌতম বৰাই এই প্ৰতিবেদকক অভিযোগ কৰি কয় যে বিদ্যুৎ বিভাগে পশ্চিম কলিয়াবৰ অঞ্চলৰ মানুহ খিনিক অন্য গ্ৰহৰ মানুহ বুলি জ্ঞান কৰে। বিনামূলীয়া ফোন কক্ষত ফোন কৰিলেও অশ্লীল গালি পাৰে বুলিও জানিবলৈ দিয়ে।

স্থানীয় বিধায়ক গৰাকীক পশ্চিম কলিয়াবৰৰ ভোটাৰ ৰাইজে বিপুল ভোটত জয়ী কৰোৱাত উঠি পৰি লাগে যদিও অঞ্চলটোৰ সমস্যা সমূহ সমাধান কৰাত বিধায়ক গৰাকীয়ে গুৰুত্ব নিদিয়ে। ইফালে নিশা অন্ধকাৰত থাকিব লগা হোৱা বাবে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী সকলৰ ভীষণ অসুবিধাই দেখা দিছে। ইয়াৰ পাছতো বিদ্যুৎ বিভাগে অঞ্চলটোত বিদ্যুৎ যোগানত হেমাহি কৰাৰ অভিযোগ উঠিছে l

assam kaliabor