পত্নী-সন্তান শুই থকা অৱস্থাত এজনক হত্যা…

পত্নী-সন্তান শুই থকা অৱস্থাত এজনক হত্যা…

author-image
asomiyapratidin
New Update
পত্নী-সন্তান শুই থকা অৱস্থাত এজনক হত্যা…

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ মিছা আৰক্ষী চকীৰ অন্তৰ্গত হাতীগাঁও এক নং বাগানৰ শিয়াল ডাংগাত সোমবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। শালপতিয়ে হত্যা কৰিলে শালপতিক।

Advertisment

নিহত লোকজনৰ নাম মাৰ্টিন তিৰ্কী। হত্যাকাৰী মাৰিউচ নাগক ইতিমধ্যে আটক কৰিছে মিছা আৰক্ষীয়ে। পাৰিবাৰিক কণ্ডলৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

জানিব পৰা মতে, নিশা প্ৰায় ১১ বজাত পুত্ৰ-কন্যাসহ পত্নী শুই থকা অৱস্থাত মাৰ্টিন তিৰ্কীৰ ঘৰলৈ আহিছিল মাৰিউচ নাগ। ইয়াৰ পিছতে দুয়োজনৰ মাজত কথাৰ কটাকটি হৈ পিছত সংঘাতৰ সৃষ্টি হয়। মাৰিউচৰ ঘোচাত ঘৰৰ দেৱালত খুন্দা খাই মৃত্যু হয় মাৰ্টিনৰ।

আৰু পঢ়ক: ভয়ংকৰ! শিৰচ্ছেদ কৰি কটা মূৰ লৈ থানাত উপস্থিত অভিযুক্ত টুনিৰাম মাদ্রী

assam kaliabor crime murder case