/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/agrani-batory.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰ : কলিয়াবৰ মহকুমাৰ জখলাবন্ধা চিকিৎসালয়ৰ সন্মুখৰ এখন হোটেলত মঙলবাৰে নিশা সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, মঙলবাৰে নিশা হোটেলৰ বাৰাণ্ডাত চোকা অস্ত্ৰৰে ঘপীয়াই হত্যা কৰিলে হোটলখনৰে পিটু দাস নামৰ এগৰাকী কৰ্মচাৰীক । নিহত পিটু দাসৰ ঘৰ লাওখোৱা বজাৰত ।
"বিজুস্মিতা" হোটেলৰ কৰ্মচাৰী আছিল পিটু দাস। হোটলখনত কাৰিকৰ হিচাপে কৰ্মৰত পিটু দাসে নিশা বাৰণ্ডাতে শুই থকা অৱস্থাতে চোকা অস্ত্ৰৰে সতীৰ্থ কৰ্মচাৰীয়ে হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। শংকৰ চৰকাৰ নামৰ এজন কৰ্মচাৰী নিশাই হোটেলৰ পৰা পলায়ন কৰাত সন্দেহ কৰা হৈছে শংকৰ চৰকাৰেই হত্যাকাণ্ড ঘটনাৰ লগত জড়িত ব্যক্তি।
হোটেলৰ আন আন কৰ্মচাৰীয়ে জানিবলৈ দিয়া মতে সন্ধিয়াৰ ভাগত শংকৰৰ সৈতে কাজিয়া হৈছিল পিটু দাসৰ । নিশা ১২ মান বজাত হোটেল খনৰে এজন কৰ্মচাৰীয়ে চিনেমা চাই আহি বাৰাণ্ডাত প্ৰত্যক্ষ কৰে পিটু দাসৰ ৰক্তাক্ত মৃতদেহ । ঘটনাৰ খবৰ পাই জখলাবন্ধা আৰক্ষী ঘটনাস্থলিত উপস্থিত হয় যদিও পুৱা মহকুমা দণ্ডাধীশ তথা অতিৰিক্ত উপায়ুক্ত পবিত্ৰ কুমাৰ দাস উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।
ঘটনাস্থলীত জখলাবন্ধা আৰক্ষীসহ চি আৰ পিৰ এটি দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ প্ৰাথমিক তদন্তত হোটেলৰে কৰ্মচাৰী শংকৰ চৰকাৰে পিটু দাসক হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। হত্যাকাৰীয়ে ব্যৱহাৰ কৰা এখন চোকা বথি দা ইতিমধ্যে জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে। হত্যাকাণ্ডৰ নমুনা সংগ্ৰহৰ বাবে নগাঁও আৰক্ষীৰ লোক ইতিমধ্যে উপস্থিত হৈছেহি জখলাবন্ধা থানাত।
ইফালে কলিয়াবৰত বিয়াগোম শ্ৰম বিভাগৰ এটা পৰিদৰ্শকৰ কাৰ্যালয় থকাৰ পিছতো কলিয়াবৰৰ অধিকাংশ হোটেলৰ শ্ৰমিক-কৰ্মচাৰীৰ তথ্য শ্ৰম বিভাগৰ কাৰ্যালয়ত মজুত নথকাতো এক গভীৰ ৰহস্য লুকাই থকা বুলি ইতিমধ্যে চৰ্চা লাভ কৰিছে। আৰক্ষীৰ ভাষ্য তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য।
ইপিনে হত্যাকাৰী শংকৰ সৰকাৰক বুধবাৰে নিশা প্ৰায় ৯ বজাত চাপৰমুখৰ পৰা ৰে'লৰে শিলঘাটত উপস্থিত হোৱাৰ সময়তে শিলঘাটৰ তিনিজন যুৱক ক্ৰমে ঋত্বিক গগৈ, ধ্ৰুৱ বৰা আৰু বাপন দাসে আটক কৰি শিলঘাট আৰক্ষী চকীত চমজাই দিয়ে ৷ হত্যাকাৰী শংকৰে দিয়া স্বীকাৰোক্তি অনুসৰি মঙলবাৰে দিনৰ ভাগত পিটু দাসে শংকৰ সৰকাৰৰ জীয়ৰীৰ বিৰুদ্ধে কটু মন্তব্য প্ৰদানক কেন্দ্ৰ কৰিয়েই দুয়োৰে মাজত সংঘাতৰ সৃষ্টি হয় ৷
ক্ৰমাগত ভাৱে দুয়োৰে মাজত সংঘাত বৃদ্ধি হয় আৰু নিশাৰ ভাগত সুৰামত্ত অৱস্থাত উভয়ৰে মাজত মাৰপিটৰো সৃষ্টি হয় ৷ এনে জটিল পৰিস্থিতিত বিজুস্মিতা হোটেলৰ বাৰান্দাত পিটু দাস শুই থকা অৱস্থাত শংকৰ সৰকাৰে পিটুক বঠিৰে ডিঙি আৰু হাতত উপৰ্যুপৰি আঘাট কৰে ৷
হত্যাকাণ্ড সংঘটিত কৰি ঘাটক শংকৰে হত্যাকাণ্ডত ব্যৱহৃত বঠিখন লৈ আত্মসমৰ্পনৰ উদ্দেশ্যৰে জখলাবন্ধা আৰক্ষী থানাত উপস্থিত হৈছিল যদিও হত্যাকৰীয়ে থানাখনৰ সন্মুখৰ মন্দিৰটোৰ সমীপতে বঠিখন থৈ জখলাবন্ধাৰ ৰে'ল পথত খোজকাঢ়ি চাপৰমুখলৈ ৰাওনা হয় ৷
চাপৰমুখৰ পৰা পুনৰ গুৱাহাটীৰ পৰা শিলঘাট সংযোগী ৰে'ল গাড়ীত উঠি জখলাবন্ধালৈ বুলি আহি থকাৰ পথত টোপনি যোৱাৰ বাৱে হত্যাকাৰী শংকৰ শিলঘাট ৰে'ল ষ্টেচনত নামিবলৈ বাধ্য হয় ৷ সম্প্ৰতি হত্যাকাৰী শংকৰ সৰকাৰ শিলঘাট আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷