চেল্ফি ল’বলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন সেনা জোৱান…

চেল্ফি ল’বলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন সেনা জোৱান…

author-image
asomiyapratidin
New Update
চেল্ফি ল’বলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন সেনা জোৱান…

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াভোমোৰা দলঙত দেওবাৰে সন্ধিয়া সংঘটিত হয় এক অঘটন ৷ চেল্ফি ল'বলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন সেনা জোৱান ৷ তেজপুৰত কৰ্মৰত সেনা জোৱানজন হৈছে ৰাজস্থানৰ অনিল কুমাৰ ৷ দেওবাৰ বন্ধৰ দিন উপলক্ষে ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ কৰিবলৈ আহিছিল ৩ জোৱান ৷

অন্ধকাৰৰ মাজত মহাবাহুৰ বুকুত নৌকা বিহাৰৰ সময়ত চেল্ফি উঠিবলৈ যোৱা বিষয়টো ৰহস্যৰ আৱৰ্তত ৷ দেওবাৰে সন্ধ্যা ৭.৩০ মান বজাত সংঘটিত হয় এই ঘটনা। ঘটনাস্থলীত নিশাৰ ভাগত সেনা বাহিনীৰ লগতে তেজপুৰ আৰক্ষীৰ দল উপস্থিত হৈ নিৰুদ্দিষ্ট সেনা জোৱান জনৰ সন্ধান উলিয়াবলৈ চেষ্টা চলায়।

নিশা অন্ধকাৰৰ বাবে উদ্ধাৰ চলাব পৰা নাছিল এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে ৷ পুনৰ সোমবাৰে পুৱাৰে পৰা ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান চলিছে নিৰুদ্দিষ্ট সেনা জোৱানৰ ৷ আৰক্ষী প্ৰশাসনে ইতিমধ্যে নৌকাখন জব্দ কৰিছে ৷

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাত অন্তৰ্গত কলিয়াভোমাৰা দলঙৰ পাৰ্শ্বৱৰ্তী এলেকাত ভৰ বাৰিষাৰ বাবে নৌকা বিহাৰত শোনিতপুৰ জিলা প্ৰশাসনে কঠোৰ নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো কাৰ ছত্ৰ ছায়াত এনেদৰে অবৈধ ভাৱে একাংশই নৌকা বিহাৰৰ বাৱে অনুমতি লাভ কৰিছে সেয়া এক অবুজ সাঁথৰ ৷

উল্লেখ্য যে উক্ত এলেকাত এনে কৰ্ম কাণ্ডৰ এক অবৈধ ছিণ্ডিকেট গঢ় লৈ উঠাৰ পৰিণতিতেই উক্ত ঘটনাটো সংঘটিত হোৱা বুলি ৰাইজে জানিবলৈ দিছে ৷

assam himanta biswa sarma Assam police