/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/kliabpor.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰ: সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে কলিয়াবৰতো ৭৬ সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে পালন কৰা হয়। কলিয়াবৰৰ কুঁৱৰীটোল গান্ধী ময়দানত মহকুমা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত পবিত্ৰ কুমাৰ দাসে। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰদৰ্শন কৰা কুচকাৱাচ পৰিদৰ্শন কৰি অভিবাদন গ্ৰহণ কৰে পতাকা উত্তোলক গৰাকীয়ে। স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আদিও অনুষ্ঠিত হয়।
ইমানলৈকে সুচাৰু ৰূপেই পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পৰিসমাপ্তি ঘটে যদিও ইয়াৰ পিছতে ব্যাপক বিসংগতি মূলক পৰবৰ্ত্তী কাৰ্যক্ৰমনিকাই উপস্থিত ৰাইজক হতাশ কৰি তোলে ৷ কলিয়াবৰত স্বাধীনতা দিৱসৰ পৰবৰ্তী কাৰ্যসূচী সমূহ হুলস্থূলীয়া পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হয় ৷ কুচকাৱাজৰ বঁটা বিতৰণৰ পিছতেই সৃষ্টি হয় চূড়ান্ত বিশৃংখল পৰিৱেশ। স্বাধীনতা দিৱসৰ পৰেডত অংশগ্ৰহণ কৰাৰ পিছতেই অংশগ্ৰহণকাৰী ছাত্ৰ- ছাত্ৰীৰ চকুত নিগৰিল চকুলো। অংশগ্ৰহণকাৰী দলসমূহৰ মাজত পুৰস্কাৰ ঘোষণা কৰাৰ পিছতেই পুৰস্কাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ছাত্র-ছাত্ৰী সকলে।
কুঁৱৰীটোলৰ গান্ধী খেলপথাৰৰ মাজতে কান্দোনত ভাঙি পৰে একাংশ ছাত্ৰ-ছাত্ৰী। বিচাৰকৰ ভুলৰ বাবেই পুৰস্কাৰৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি ছাত্র-ছাত্ৰী সকলে ক্ষোভ প্ৰকাশ কৰে। ইয়াৰ উপৰি এখন বিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে পুৰস্কাৰ লাভ কৰিছে বুলি ঘোষণা কৰাৰ পিছতেই সেই বিদ্যালয়ৰ পৰিবৰ্তে আন এখন বিদ্যালয়ক পুৰস্কাৰ দিয়াৰো অভিযোগ অংশগ্ৰহণকাৰী ছাত্র-ছাত্ৰীৰ। ইপিনে মহকুমা প্ৰশাসনৰ দ্বাৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বাৰুকৈয়ে উপেক্ষিত হৈ ৰোৱা পৰিলক্ষিত হ'ল আমন্ত্ৰিত কলিয়াবৰৰ জেষ্ঠ নাগৰিক, সংবাদ কৰ্মী সকলৰ লগতে আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধিবৰ্গ ৷ লক্ষনীয় যে, এইবাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ নিমন্ত্ৰনী পত্ৰ কলিয়াবৰৰ বহু কেইগৰাকী গণ্য মান্য বিশিষ্ট ব্যক্তি তথা বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিবৰ্গই লাভ নকৰা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে ৷
কলিয়াবৰত কৃষি পথাৰতো উৰিল ত্ৰিৰংগা। কলিয়াবৰৰ নামগাঁৱৰ কৃষি পথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস পালন কৰিলে একাংশ কৃষকে। সৃষ্টি কৃষক গোটে পথাৰতে পতাকা উত্তোলন কৰি গালে ৰাষ্ট্ৰীয় সংগীত। বন্দে মাতৰম ধ্বনিৰে মুখৰিত হ'ল ধাননি পথাৰ।