ফেনে ফুটুকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰ, ভাবুকি কঢ়িয়াইছে কলিয়াবৰৰ শিলঘাটলৈ…

ফেনে ফুটুকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰ, ভাবুকি কঢ়িয়াইছে কলিয়াবৰৰ শিলঘাটলৈ…

author-image
asomiyapratidin
New Update
ফেনে ফুটুকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰ, ভাবুকি কঢ়িয়াইছে কলিয়াবৰৰ শিলঘাটলৈ…

ডিজিটেল সংবাদ, কলিয়াবৰ: ৰাজ্যত বানৰ সংহাৰী ৰূপ। কলিয়াবৰৰ ব্ৰিটিছ নগৰী শিলঘাটলৈও ভাবুকি কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰই।

Advertisment

চপৰা চপৰকৈ খহিছে শিলঘাট ৰবৰবাৰীৰ মাটি। বিগত কেইবাবছৰ ধৰি শিলঘাট -ৰবৰবাৰীত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া । শিলঘাট ৰ পুৰণি জাহাজ ঘাট , ঐতিহ্যমণ্ডিত শিলঘাট অশোকাষ্টমী মেলা পথাৰ ইতিমধ্যে নদীত জাহ যাবলৈ আৰম্ভ কৰিছে ।

ৰবৰবাৰী গাওঁ খনলৈও আহিছে ভাবুকি ।জলসম্পদ বিভাগে মাজে সময়ে পকী পাৰকুপাইন পেলাই গৰাখহনীয়া ৰোধৰ বাবে প্ৰচেষ্টা চলাইছে যদিও ৰোধ কৰিব পৰা নাই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া । গৰাখহনীয়া ৰোধৰ বাবে শৈলবান্ধ নিৰ্মান কৰিবৰ বাবে চৰকাৰ তথা জলসম্পদ বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে ।

আৰু পঢ়ক: বিলাসীপাৰাৰ ৰাণীগঞ্জ আৰক্ষী চকীত হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীৰে উত্তপ্ত পৰিস্থিতি…

assam flood kaliabor