/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/rl-x.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃকলিয়াবৰত ঘৰ-দুৱাৰ ভাঙি তহিলং কৰিছে ভোকাতুৰ বন্যহস্তীয়ে। জখলাবন্ধা দেৱসত্ৰ গাঁৱত শুক্ৰবাৰে পুৱতি নিশা ঘৰ ভাঙি অনিষ্ট সাধন কৰে বন্যহস্তীয়ে।
খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা দুটা বন্যহস্তীয়ে ৰাইজৰ শোৱন-খাৱন নোহোৱা কৰিছে। বিনিদ্ৰ ৰজনী কটাৱ লগীয়া হৈছে অঞ্চলবাসী ৰাইজে ৷ জখলাবন্ধা দেৱসত্ৰ গাঁৱৰ যাদৱ ভাগৱতী নামৰ ব্যক্তি জনৰ পকী ঘৰৰ কেইবাখনো বেৰ ভাঙি তহিলং কৰি পেলায়।
সম্প্ৰতি থাকিবলৈ ঠাই নোহোৱা হৈ পৰিছে পৰিয়ালটোৰ। প্ৰতি নিশাই এতিয়া কলিয়াবৰৰ বিভিন্ন প্ৰান্তত এনে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে বন্যহস্তীয়ে ।
খেতি-পথাৰ কোনো ধৰণৰ কৃষি কাৰ্য কৰিব নোৱাৰা গঞাৰ এতিয়া ঘৰৰ ভিতৰত মানুহও সুৰক্ষিত অনুভৱ কৰিব নোৱাৰা হৈছে অঞ্চলটোৰ ৰাইজে । ৰাইজৰ কাতৰ আহ্বান– হাতী কেইটা খেদি পঠিওৱাৰ ব্যৱস্থা কৰক প্ৰশাসন তথা সংশ্লিষ্ট বিভাগে।