জখলাবন্ধাত ড্ৰাগছ সহ আটক সৰবৰাহকাৰী

জখলাবন্ধাত ড্ৰাগছ সহ আটক সৰবৰাহকাৰী

author-image
asomiyapratidin
New Update
জখলাবন্ধাত ড্ৰাগছ সহ আটক সৰবৰাহকাৰী

ডিজিটেল সংবাদ,কলিয়াবৰ: জখলাবন্ধা আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী। জখলাবন্ধাৰ গৰুবন্ধাৰ পৰা বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইমাম হুচেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনক ৷

জখলাবন্ধা গৰুবন্ধা নিবাসী ধৃত ইমাম হুছেইনৰ জিম্মাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১০টাকৈ সন্দেহযুক্ত হিৰ'ইন ভৰ্তি কণ্টেনাৰ। জব্দকৃত ড্ৰাগছখিনিৰ ওজন ১.০৮ গ্ৰাম।

ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোতেই যুৱকজন জালত পৰে আৰক্ষীৰ। গোপন খবৰৰ ভিত্তিত জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী ইমামক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আৰু পঢ়ক: PPE কিট প্রসংগক লৈ কংগ্ৰেছৰ উত্তাল প্রতিবাদ…

drugs assam kaliabor