কলিয়াবৰত সদৌ অসম মইনা পাৰিজাতৰ উদ্যোগত শিশু একাংকিকা নাট প্ৰতিযোগিতা...

শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কলিয়াবৰৰ কুঁৱৰীটোলত অনুষ্ঠিত হৈছে সদৌ অসম মইনা পৰিজাতৰ দশম ৰাজ্যিক শিশু একাংকিকা নাট প্ৰতিযোগিতা
kaliabor drama compitition
kaliabor drama compitition

ডিজিটেল সংবাদ, কলিয়াবৰ : শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কলিয়াবৰৰ কুঁৱৰীটোলত অনুষ্ঠিত হৈছে সদৌ অসম মইনা পৰিজাতৰ দশম ৰাজ্যিক শিশু একাংকিকা নাট প্ৰতিযোগিতা। কলিয়াবৰ মুক্তি যুঁজাৰু ভৱনত অনুষ্ঠিত হৈছে এই শিশু একাংকিকা নাট প্ৰতিযোগিতা।

নাট প্ৰতিযোগিতাখনি শনিবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ তথা অভিনেতা উপকূল বৰদলৈয়ে। গুৱাহাটী, মঙ্গলদৈ, ধেমাজি, বোকাখাত, গোলাঘাট, চৰাইদেউ,বিশ্বনাথ চাৰিআলি, গহপুৰ ,তেজপুৰ, নগাঁও, কলিয়াবৰ, নামনি লখীমপুৰ, শিৱসাগৰ, উত্তৰ লখীমপুৰ, ডিব্ৰুগড়কে প্ৰমুখ্য কৰি অসমৰ বিভিন্ন প্ৰান্তৰ ১৭ খন জিলা মইনা পাৰিজাতৰ শিশু নাট্য দলে অংশগ্ৰহণ কৰিছে।

একাংকিকা নাট প্ৰতিযোগিতা খনিত শুকুৰবাৰে ১২ টা নাট্যদলে নাট মঞ্চস্থ কৰে ৷ পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীৰে আৰম্ভ হোৱা শিশু নাট প্ৰতিযোগিতাৰ দুদিনীয়া কাৰ্যসূচী দেওবাৰে অন্ত পৰিব। প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত হ'ব লগা বঁটা বিতৰণী অনুষ্ঠানত শ্ৰেষ্ঠ দল সমূহক তেওঁলোকৰ বঁটা সমূহ প্ৰদান কৰা হ'ব।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in