৩৬ সংখ‍্যক সদৌ অসম শ্বহীদ নৰেন্দ্ৰনাথ মহন্ত সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা

মাধ‍্যম আন্দোলনৰ পঞ্চম শ্বহীদ নৰেন্দ্ৰনাথ মহন্তৰ লগতে জাতীয় শ্বহীদসকলৰ সোঁৱৰণত বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষও শ্বহীদ দিৱসৰ আয়োজন কৰিছে।

author-image
Asomiya Pratidin
New Update
৩৬ সংখ‍্যক সদৌ অসম শ্বহীদ নৰেন্দ্ৰনাথ মহন্ত সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা

ডিজিটেল সংবাদ, কলিয়াবৰ: মাধ‍্যম আন্দোলনৰ পঞ্চম শ্বহীদ নৰেন্দ্ৰনাথ মহন্তৰ লগতে জাতীয় শ্বহীদসকলৰ সোঁৱৰণত বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষও শ্বহীদ দিৱসৰ আয়োজন কৰিছে। এইবেলি অহা ৮ আৰু ৯ নৱেম্বৰত দুদিনীয়া বিস্তৃত কাৰ্য‍্যসূচীৰে কুঁৱৰীটোলস্থিত শ্বহীদ স্মৃতি প্ৰাঙ্গন আৰু মুক্তি যুঁজাৰু স্মৃতি ভৱনত আয়োজন কৰিছে।

Advertisment

অহা ৮ আৰু ৯ নৱেম্বৰত অনুষ্ঠিত হ’ব ৩৬ সংখ‍্যক সদৌ অসম শ্বহীদ নৰেন্দ্ৰনাথ মহন্ত সোঁৱৰণী একাঙ্ক নাট প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ৰাজ‍্যৰ এঘাৰটা একাঙ্ক নাট প্ৰতিযোগিতাৰ প্ৰতিযোগী দলে অংশগ্ৰহণ কৰিব।

নাট প্ৰতিযোগিতাৰ প্ৰথম নিশাত ভাগ ল'ব লগা নাট‍্য দলসমূহ হ'ল ক্ৰমে – শিল্প চ'ৰা গুৱাহাটী (নাটক – ভয়), সাৰথি নাট‍্য গোষ্ঠী, বোকাখাট (নাটক – ভেকুৱাম), থেউকী নাট‍্য গোষ্ঠী (নাটক – জি. এছ. টি.), প্ৰয়াস নাট‍্য গোষ্ঠী, বোকাখাট (নাটক – জিয়া শিলে কথা কয়), নিবেদন, নগাঁও (নাটক – ডায়েৰী), মঞ্চতীৰ্থ অসম, তেজপুৰ (নাটক – মেৰামতি)য়ে। আনহাতে, নাট প্ৰতিযোগিতাৰ দ্বিতীয় নিশাত ভাগ ল'ব লগা নাট‍্য দলসমূহ হ'ল ক্ৰমে – নৱ নাট‍্যকৰ্মী, বোকাখাট (নাটক – জীৱন মুখী বাট), ইক্ৰো, তেজপুৰ (নাটক – যাদুঘৰ), এনাজৰী নাট‍্য গোষ্ঠী, বিশ্বনাথ চাৰিআলি (নাটক – সেই সময় দুঃসময়), অৱিনশ্বৰ, পুৰণিগুদাম (নাটক – প্ৰেমৰ সজ্ঞা বিচাৰি) আৰু ভাস থিয়েটাৰ, পুৰণিগুদাম (নাটক – দেউতা)য়ে।

প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ – ১৫,০০১.০০ টকা, দ্বিতীয় পুৰস্কাৰ – ১২,০০২.০০ টকা, তৃতীয় পুৰস্কাৰ – ১০,০০১.০০ টকা, আৰু চতুৰ্থ পুৰস্কাৰ – ৫,০০১.০০ টকা লগতে ট্ৰফী, মানপত্ৰ শ্ৰেষ্ঠ দলসমূহক প্ৰদান কৰা হ'ব। তাৰোপৰি শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ নাট‍্যকাৰ, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ শিশুশিল্পীক ট্ৰফী, মানপত্ৰ, আৰু ১,০০০.০০ টকাকৈ পুৰস্কৃত কৰা হ'ব। অনুৰূপ দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা, অভিনেত্ৰী, পৰিচালককো ট্ৰফী, মানপত্ৰ আৰু ৭০০.০০ টকাৰে পুৰস্কৃত কৰা হ'ব।

assam kaliabor