/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/kaliabor-1.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰ : কলিয়াবৰ মহকুমাৰ জমখলা নিৱাসী তথা অঙ্কীয়া ভাওনাৰ সুদক্ষ শিল্পী অজিত বৰা(৬০)ৰ দেওবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ মধ্যপ্ৰদেশ, হাৰিয়ানা, কেৰালা প্ৰমুখ্যে বহিঃৰাজ্যত অংঙ্কীয়া ভাওনাত অভিনয়ৰে শংকৰী কলা- সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত জীৱনৰ বহুকেইটা বসন্ত অতিবাহিত কৰিছিল বৰাই।
অজিত বৰা মূলতঃ ভাৱৰীয়া পোচাকৰ সাজ সজ্জা তথা ৰূপসজ্জাকাৰ ৰূপেও অঞ্চলটোত আছিল এক সুকীয়া পৰিচয় ৷ দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ দেওবাৰে নিশা নগাঁও চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটা শিল্পী গৰাকীৰ মৃত্যুত মন্ত্ৰী কেশৱ মহন্ত, কলিয়াবৰ প্ৰেছ ক্লাৱ, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰৰ কলিয়াবৰ জিলা সমিতি আদি বিভিন্ন ব্যক্তি-অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে ৷