কলিয়াবৰত বন্যহস্তীৰ আক্ৰমণত নিহত ১জন…

কলিয়াবৰত বন্যহস্তীৰ আক্ৰমণত নিহত ১জন…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, কলিয়াবৰ : কলিয়াবৰৰ কেলিডেন চাহ বাগিছাৰ লক্ষীবস্তিত বন্যহস্তীৰ সন্ত্ৰাস। বনৰীয়া হাতীৰ আক্ৰমণত নিশা এজন লোক নিহত। বনৰীয়া হাতী খেদিবলৈ গৈ নিহত হয় লোকজন। হাতীৰ আক্ৰমণত নিহত লোকজনৰ নাম ভেনচন খালখ।

নিশা প্ৰায় ১ বজাত হাতী খেদিবলৈ ঘৰৰ পৰা ওলাই আহিছিল লোকজন। হাতী খেদাৰ সময়তে লোকজনক আক্ৰমণ কৰে বনৰীয়া হাতীটোৱে। উল্লেখ্য যে, জাকৰ পৰা ফালৰি কাটি অহা এটা অকলশৰীয়া হাতীয়ে নিশা অঞ্চলটোত তাণ্ডৱ চলায়। তেনে সময়তে ঘৰৰ পৰা বাহিৰলৈ ওলাই অহা ভেনচন খালখ নামৰ লোকজনক আক্ৰমণ কৰে বন্যহস্তীটোৱে।

হাতীৰ আক্ৰমণত থিতাতে নিহত হয় লোকজন। নিশাই ঘটনাস্থলীত মিছা আৰক্ষীৰ লগতে বন বিভাগৰ লোক উপস্থিত হৈ হাতীটো বনাঞ্চললৈ খেদি পঠাবলৈ সক্ষম হয়। উল্লেখ্য যে, কলিয়াবৰত হাতী-মানুহৰ সংঘাত অব্যাহত আছে আৰু চলিত এটা সপ্তাহৰ ভিতৰতে দুজনকৈ ব্যক্তিয়ে বন্যহস্তীৰ আক্ৰমনত প্ৰাণ হেৰুৱাব লগা হৈছে।

assam guwahati Assam police