কলিয়াবৰৰ শিলঘাটত প্ৰৱল গৰাখহনীয়াঃ অসম সমবায় মৰাপাট কললৈ ভাবুকি…

কলিয়াবৰৰ শিলঘাটত প্ৰৱল গৰাখহনীয়াঃ অসম সমবায় মৰাপাট কললৈ ভাবুকি…

author-image
asomiyapratidin
New Update
কলিয়াবৰৰ শিলঘাটত প্ৰৱল গৰাখহনীয়াঃ অসম সমবায় মৰাপাট কললৈ ভাবুকি…

ডিজিটেল সংবাদ, কলিযাবৰঃ কলিয়াবৰ ৰাজহচক্ৰৰ অন্তৰ্গত শিলঘাটৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰৰ বুকুত যোৱা দুদিন ধৰি প্ৰবল গৰাখহনীয়াৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত স্থানীয় ৰাইজ আতংকিত হৈ পৰা দেখা গৈছে।

Advertisment

ইয়াৰ লগে লগে সমবায় খণ্ডত প্ৰতিস্থিত ৰাজ্যৰ একমাত্ৰ মৰাপাট উদ্যোগ, অসম সমবায় মৰাপাট কলটোলৈ নামি আহিছে ভয়ংকৰ বিপদ। ইপিনে মৰাপাট কলটোৰ কাষতে থকা গান্ধী অস্থিধাম, সুধাকন্ঠ ড০ ভূপেন হাজৰিকা সোঁৱৰণি ৰঙ্গমঞ্চৰ লগতে কামাখ্যা দেৱালয়ৰ মূল পথৰ সন্মুখৰ পথটোৰ প্ৰতিও তীব্ৰ ভাবুকী কঢ়িয়াই আনিছে গৰাখহনীয়াই।

বিগত ৫ টা বছৰত অঞ্চলটোৰ হাজাৰ হাজাৰ হেক্টৰ ভূমি খহনীয়াৰ কৱলত পৰি ইতিমধ্যে নৈৰ বুকুৰ জাহ গৈছে। খহনীয়া প্ৰতিৰোধৰ বাবে অঞ্চলটোত বিভাগীয় ভাবে পাৰ্কুপাইন পেলোৱাৰ ব্যৱস্থা কৰিছিল যদিও কাৰ্যতঃ সফল নহল খহনীয়া প্ৰতিৰোধ কৰাত। একাংশ বিভাগীয় বিষয়া, ঠিকাদাৰৰ দূৰ্নীতি আৰু অনিয়মৰ বাবেই শিলঘাটৰ এই খহনীয়া প্ৰতিৰোধ আঁচনি খন সফল নোহোৱা বুলি অভিযোগ উত্থাপিত হৈছে।

পৰিনতিত ভয়ংকৰ ৰূপ ধাৰণ কৰা এই খহনীয়াই এতিয়া আতংকিত কৰি তুলিছে স্থানীয় শিলঘাটবাসীক। শিলঘাট কামাখ্যা দেৱালয়ৰ নামনিত, ব্ৰহ্মপুত্ৰ নৈৰ পাৰত থকা অশোকাষ্টমী মেলা কমিটিৰ বৃহৎ ভূমি ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে। এই ক্ষেত্ৰত মেলা পৰিচালনা সমিতিৰ সভাপতি ধৰ্ম বৰাই আজি সাংবাদিকক কয় ব্ৰহ্মপুত্ৰই দৈনিক ২০-৫০ ফুট ভূমি খহাই নিজে। খহনীয়া এনেদৰে অব্যাহত থাকিলে মৰাপাট কলটোলৈ অন্ধকাৰ নামি আহিব।

শীঘ্ৰেই চৰকাৰে ব্যৱস্থা লোৱাৰ দাবী জনায়। তাহানিৰ 'বৃটিছ নগৰী' শিলঘাটত অৱস্থিত জলপৰিবহন বিভাগৰ বন্দৰ টোও দুবছৰৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। বছৰি বান-খহনীয়া পৰিদৰ্শন কৰিবলৈ অহা মন্ত্ৰী- বিধায়কে শিলঘাটবাসীক খহনীয়া প্ৰতিৰোধ কৰাৰ আশ্বাস প্ৰদান কৰি আহিছে যদিও কাৰ্যতঃ আজি পৰ্যন্ত খহনীয়া প্ৰতিৰোধৰ স্থায়ী কাম ৰাজ্য চৰকাৰখনে হাতত নোলোৱাত ভুক্ত ভোগী ৰাইজ বাৰুকৈয়ে ক্ষুব্ধ হৈ পৰা বুলি জানিব পৰা গৈছে।

ইফালে শিলঘাট উচ্চ মাধ্যমিক বিদ্যালয় খনত ধাৰাষাৰ বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাত সমস্যাই দেখা দিছে। উল্লেখ্য যে, শিলঘাট ত্ৰিশূলধাৰী মন্দিৰৰ সমীপৰ পৰা বিহডুবিলৈকে শৈলস্পাৰৰ জড়িয়তে বান-খহনীয়াৰ পৰা স্থানীয় ৰাইজক সুৰক্ষা প্ৰদান কৰাৰ দাবী দীৰ্ঘদিনীয়া আছিল যদিও আজি পৰ্যন্ত চৰকাৰখনে কোনোধৰণৰ ইতিবাচক সহাৰি নিদিয়া বুলিহে অভিযোগ উঠিছে।

আৰু পঢ়ক: চহৰতলীত বৰাকে উটুৱাই নিলে মথাউৰি, শিলচৰত বানৰ বিভীষিকা, ৯০ % লোক জলবন্দী…

assam kaliabor