/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/kaliabor-2.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰ : কলিয়াবৰৰ বাগৰি আৰক্ষীয়ে সোমবাৰে নিশা অভিযান চলাই অবৈধ গৰুভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত বলেৰ' পিক আপ বাহন খনৰ নম্বৰ হৈছে এ এছ ১২ এ চি ৬৬৯১ । জব্দকৃত বলেৰ' পিক আপ বাহন খনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ১৩ টাকৈ গৰু।
লগতে গৰু সৰবৰাহত জড়িত দুজনক আটক কৰে আৰক্ষীয়ে। ধৃত গৰু সৰবৰাহকাৰী দুটা ক্ৰমে মুক্তাৰ হুছেইন আৰু মুজামিল হক। দুয়োৰে ঘৰ উলুৱনী আৰক্ষী চকীৰ অন্তৰ্গত ২ নং বৰঘূলীত। বোকাখাটৰ পৰা নগাঁও দিশে গো-ধন কঢ়িয়াই আনিছিল বাহনখনত।