কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিৰ শতবর্ষ উৎসৱ উদযাপনৰ প্ৰস্তুতি তুংগত...

১০ আৰু ১১ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে সমিতিখনে যো-জা চলাইছে শতবর্ষ সমাৰোহ উদযাপনৰ

author-image
Asomiya Pratidin
New Update
কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিৰ শতবর্ষ উৎসৱ উদযাপনৰ প্ৰস্তুতি তুংগত...

kaliabor sattra

ডিজিটেল সংবাদ, কলিয়াবৰ : কলিয়াবৰৰ গ্ৰাম্য জীৱনত নৱ জাগৰণ আনি এক সুষ্ঠিৰ গ্ৰাম্য অৰ্থনীতি সৃষ্টি কৰা ভলাগুৰি সত্ৰ সমবায় সমিটিয়ে শতবৰ্ষৰ দেওনা পাৰ কৰিলে ৷ ১৯২০ চনৰ প্ৰাক্ স্বাধীনতাৰ সময়তে স্থাপিত কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে শতবর্ষ অতিক্ৰম কৰি এতিয়া উৎসৱ উদযাপন কৰিবলৈ আগবাঢ়িছে।

Advertisment

উল্লেখ্য যে, ২০১৯ বর্ষতে শতবর্ষ সমাৰোহ উৎসৱ আৰম্ভ কৰিছিল যদিও কৰ'ণা মহামাৰীৰ বাবে থমকি ৰ'ব লগাত পৰে সমিতিখন। সেই পৰিপ্ৰেক্ষিততে শেহতীয়াভাৱে ১০ আৰু ১১ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে সমিতিখনে উদযাপনৰ যো-জা কৰিছে শতবর্ষ সমাৰোহৰ।

১০ অক্টোবৰত সমবায় পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা হ'ব সমাৰোহৰ কাৰ্যসূচী। ইয়াৰ পাছতে স্মৃতি তৰ্পন, স্থায়ী তোৰন আৰু জিৰণি চ'ৰা উদ্বোধন, সম্বৰ্ধনা সভা, আলোচনা সত্ৰ আৰু নিশা ৰামবিজয় অংকীয়া ভাওনা প্ৰদর্শনৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্ত পৰিব।

এশখন পতাকা উত্তোলনৰে সমাৰোহৰ দ্বিতীয় দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব আৰু তাৰ পিছতে অনুষ্ঠিত হ'ব মূল অনুষ্ঠানৰ মুকলি সভা। কৃষি মন্ত্ৰী অতুল বৰা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু সমবায় মন্ত্ৰী নন্দিতা গাৰ্লোছাই অংশগ্ৰহণ কৰিব মুকলি সভাত ৷ নিশা বিপিন চাওদাঙৰ গীত তথা সাংস্কৃতিক অনুষ্ঠানৰে অন্ত পৰিব শতবর্ষ উৎসৱ কাৰ্যসূচীৰ ৷

assam kaliabor bhalaguri sattra