Advertisment

কলিয়াবৰত বাঘৰ ভয়ত ভয়ে ভয়ে পিকনিক খাইছে ৰাইজে...

বাঘৰ আতংকৰ বাবে প্ৰভাৱ পৰিছে কলিয়াবৰৰ বনভোজস্থলীত। বাঘৰ ভয়তে কলিয়াবৰৰ শিলঘাট, ত্ৰিশূলধাৰী, হাতীমূৰা আদি বনভোজস্থলীলৈ আগমন হোৱা নাই বনভোজৰ দল।

author-image
Asomiya Pratidin
New Update
কলিয়াবৰ

কলিয়াবৰ Photograph: (কলিয়াবৰ)

ডিজিটেল ডেস্কঃ  বাঘৰ আতংকৰ বাবে প্ৰভাৱ পৰিছে কলিয়াবৰৰ বনভোজস্থলীত। বাঘৰ ভয়তে কলিয়াবৰৰ শিলঘাট, ত্ৰিশূলধাৰী, হাতীমূৰা আদি বনভোজস্থলীলৈ আগমন হোৱা নাই বনভোজৰ দল।

Advertisment

বাঘৰ মুক্ত বিচৰণৰ বাবে শিলঘাটৰ ত্ৰিশূলধাৰীত ইতিমধ্যে প্ৰশাসনে সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ পিছত বন্ধ হৈ পৰিছে ত্ৰিশূলধাৰীৰ বনভোজস্থলী। ইয়াৰ পৰিবৰ্তে শিলঘাটৰ কামাখ্যা দেৱালয়ৰ নামনিত ব্ৰহ্মপুত্ৰৰ পাৰত বনভোজস্থলীৰ ব্যৱস্থা কৰা হৈছে যদিও সমাগম হৈছে সীমিত সংখ্যকহে বনভোজৰ দল।

আনহাতে, বাঘৰ ভয়ত সেৰেঙা হৈ পৰিছে শিলঘাটৰ কামাখ্যা দেৱালয়লৈ অহা ভক্তৰ সংখ্যা। ফলত শিলঘাট, ৰবৰ বাৰী আদি এলেকাত থলুৱা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ব্যৱসায়ত ব্যাপক প্ৰভাৱ পৰিছে।

উল্লেখ্য যে, শিলঘাটৰ কামাখ্যা দেৱালয়ৰ চৌহদৰ লগতে ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিচৰতো ঢেকীয়াপটীয়া বাঘৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰাৰ পিছতে অধিক আতংকিত হৈ পৰিছে স্থানীয় লোকসকল।

কলিয়াবৰ