কলিয়াবৰত গৰু ভৰ্তি ট্ৰাক জব্দ…

কলিয়াবৰত গৰু ভৰ্তি ট্ৰাক জব্দ…

author-image
asomiyapratidin
New Update
কলিয়াবৰত গৰু ভৰ্তি ট্ৰাক জব্দ…

ডিজিটেল সংবাদ,কলিয়াবৰ: গৰু সৰবৰাহৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে দেওবাৰে পুৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে গৰুভৰ্তি এখন কণ্টেইনাৰ ট্ৰাক।

অবৈধ গৰু সৰবৰাহকাৰীয়ে উজনি অসমৰ পৰা ট্ৰাকখনত কঢ়িয়াই আনিছিল ৪০টাৰো অধিক গৰু। গোপন খবৰৰ ভিত্তিত কলিয়াবৰ আৰক্ষীয়ে বৰুৱাচুকৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা অৱস্থাত জব্দ কৰে এ এছ ০১ বি চি ৯৯৪৩ নম্বৰৰ ট্ৰাকখন।

আৰক্ষীৰ অভিযানৰ সময়ত সুযোগ বুজি পলায়ন কৰে ট্ৰাকখনৰ চালক ৷

আৰু পঢ়ক:আন এক অভিলেখৰ গৰাকী হ'ল নীৰজ চোপ্ৰাঃ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত জয় কৰিলে ৰূপৰ পদক…

Kaliabar assam