নগাঁৱৰ ঐতিহ্যমণ্ডিত কলা মন্দিৰৰ ৬৬ সংখ্যক প্ৰতিস্থা দিৱস উৎযাপন...

সমাজসেৱক, জ্যেষ্ঠ সাংবাদিক, লেখক, যুৱ ব্যৱসায়ীক আজীৱন সভ্যৰ স্বীকৃতি প্ৰদান।

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ ঐতিহ্যমণ্ডিত কলা মন্দিৰৰ ৬৬ সংখ্যক প্ৰতিস্থা দিৱস উৎযাপন...

ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁৱৰ ঐতিহ্যমণ্ডিত তথা অন্যতম সাহিত্য-সাংস্কৃতি,নাট্য চৰ্চাৰ অগ্ৰণী অনুষ্ঠান ফৌজদাৰিপট্টিস্থ নগাওঁ কলা মন্দিৰৰ আজি ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উৎযাপন কৰা হয়। পুৱা পতাকা উত্তোলনৰে প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰে নগাঁও কলা মন্দিৰৰ সভাপতি ডা: কেশবানন্দ দেৱগোস্বামীয়ে। ইয়াৰ পাছতে বিশিষ্ট ব্যক্তি সকলক আজীৱন সভ্যৰ আদৰণি অনুষ্ঠান সম্পন্ন হয় ৷

Advertisment

উক্ত অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট কবি ড০ শৰৎ বৰকটকীয়ে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি নিজৰ ভাষণ প্ৰশংগত কয় যে সময়ৰ ধামখুমীয়াত বৰ্তমান আমাৰ সমাজ খনৰ বহু পৰিবৰ্তন হৈছে ৷ তাহানিৰ সেই গৰুগাড়ীখন, আকাশবাণীৰ ৰেডিঅ, হেৰিকেন লেম্প আদি আজিৰ প্ৰজন্মই বুজি নাপায় ৷ এতিয়া মোবাইলৰ ৱাটছ এপ, ফেছবুক, ইনষ্টাগ্ৰামতেই ব্যস্ত থাকে বৰ্তমানৰ যুৱক যুৱতী সকল ৷ বৰ্তমান প্ৰজন্মৰ মাজত আজি পৰিয়ালৰ মাজৰ আত্মীয়তাবোধ, সমন্ধ আদি ক্ৰমান্বয়ে কমি আহিছে ৷ তেওঁ লগতে কয় যে, ফৌজদাৰীপট্টিৰ কলা মন্দিৰে বিগত ৬৫ বছৰে অসমৰ বৌদ্ধিক আৰু সাংস্কৃতিক ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷

অধ্যাপিকা ড০ ত্ৰিবেনী শইকীয়াই আতঁ ধৰা অনুষ্ঠানত বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি,জ্যেষ্ঠ সাংবাদিক মুনিন্দ্ৰ শইকীয়া, দেৱজিত হাজৰিকা, বিৰিঞ্চি কুমাৰ ডেকা, যুৱ লেখক প্ৰত্যুষ ৰঞ্জন ভাগৱতী, যুৱ ছাত্ৰ নেতা প্ৰাগজ্যোতিষ বনিয়াকে ধৰি কেইবাজনো যুৱ ব্যৱসায়ীক আজীৱন সভ্যৰ স্বীকৃতি প্ৰদান কৰা হয়।

অনুষ্ঠানৰ শেষত কিশলয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশিত হয় জাতীয় সংগীত ৷ সন্ধিয়ালৈ বিশিষ্ট গল্পকাৰ তথা কলংপাৰ কাকতৰ মুখ্য সম্পাদক গুৰমাইল সিঙে বন্তি প্ৰজ্বলনেৰে ৬৬ তম প্ৰতিষ্ঠা দিৱসৰ সামৰণি পৰে ৷

আনহাতে,অহা ২৩-২৪ ডিচেম্বৰত সদৌ অসম ভিক্তিত অনুষ্ঠিত হ'ব একাংকিকা নাট প্ৰতিযোগিতা ৷

assam NOGAON