/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/cb527d9e-c1c4-491d-b67b-ff7aede3c738/nagaon.jpg)
bebejiya school new commitee
ডিজিটেল সংবাদ, বেবেজীয়া : নগাওঁ জিলাৰ দীঘলদৰি কাকতি গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন বিদ্যালয় পৰিচালনা আৰু উন্নয়ণ সমিতিক বৃহস্পতিবাৰে দায়িত্বভাৰ অৰ্পণ কৰে। এই উপলক্ষে বিদ্যালয়খনত অনুষ্ঠিত হয় এক সাধাৰণ সভা।
বিদ্যালয় পৰিচালনা আৰু উন্নয়ণ সমিতিৰ প্ৰাক্তন সভাপতি পদ্মকান্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিৰ উদেশ্য ব্যাখ্যা আৰু সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে প্ৰধান শিক্ষক তথা সদস্য সচিব হেমকান্ত শইকীয়াই। সভাত শিক্ষা বিভাগৰ নগাঁও জিলা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা অহা এন ডি চি/ এ এ পি/ এচ এম ডি চি/২০২২/২০৫৬ আদেশ মৰ্মে ৰহাৰ জেষ্ঠ সাংবাদিক বুলন চন্দ্ৰ নাথক বিদ্যালয় পৰিচালনা আৰু উন্নয়ণ সমিতিৰ সভাপতি আৰু ৰজনী কুমাৰ নাথক উপ-সভাপতি হিচাবে দায়িত্বভাৰ অৰ্পণ কৰে ।
সভাত প্ৰাক্তন শিক্ষক চণ্ডীচৰণ নাথ, সুৰেন্দ্ৰ কুমাৰ নাথ, জিতেন নাথ, ভূপেন চন্দ্ৰ নাথকে ধৰি অভিভাৱক আৰু বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে। সভাতেই চৰকাৰে প্ৰদান কৰা মিচন ভূমিপুত্ৰৰ অধীনত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ।
সভাত আলোচনা মৰ্মে অহা বছৰ বিদ্যাঞ্জলী আঁচনিৰ বাবে এখন প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়।