ঐতিহাসিক কাকপথাৰ বজাৰৰ সমস্যা সমাধানৰ দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট...

কাকপথাৰ প্ৰেছ ক্লাব আৰু কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই অতিশীঘ্ৰে বজাৰখনৰ সমস্যাৰাজি সমাধানৰ দাবীত শুকুৰবাৰে চহৰখনৰ মাজমজিয়াত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে

author-image
Asomiya Pratidin
New Update
ঐতিহাসিক কাকপথাৰ বজাৰৰ সমস্যা সমাধানৰ দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট...

ডিজিটেল সংবাদ, তিনিচুকীয়া :- কাকপথাৰ আঞ্চলিক পঞ্চায়তৰ তত্বাৱধানত থকা বৃহত্তৰ কাকপথাৰ অঞ্চলৰ ব্যৱসায়-বাণিজ্যৰ একমাত্ৰ কেন্দ্ৰবিন্দু ঐতিহাসিক কাকপথাৰ দেওবৰীয়া সাপ্তাহিক আৰু দৈনিক বজাৰখনৰ বৰ্তমানৰ অৱস্থা ভয়ংকৰ হৈ পৰিছে ।

Advertisment

চাফ-চিকুণৰ অভাৱত বজাৰখন সম্প্ৰতি ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হৈছে । গেলা-পচা জাৱৰ-জোথৰে ভৰি পৰিছে বজাৰৰ প্ৰতিটো কোণ । ইয়াৰ পৰা বাহিৰ হোৱা উৎকট গোন্ধই জটিল ৰূপ ধাৰণ কৰি ক্ৰেতা-বিক্ৰেতা সকলোকে হলঠেকত পেলাইছে।

নিবিদাৰ যোগেদি বজাৰখনৰ পৰা আঞ্চলিক পঞ্চায়তে বছৰি লাখ লাখ টকা উপাৰ্জন কৰি আহিছে যদিও বজাৰখনৰ মৌলিক তথা জ্বলন্ত সমস্যাসমূহ সমাধানত আঞ্চলিক পঞ্চায়তে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে ।

সেইদৰে লেচীয়েও বজাৰখনৰ চাফ-চিকুণতাৰ দিশটো উলাই কৰি অহাত জাৱৰৰ দমে বজাৰখন কৰ্দৰ্যময় কৰি তুলিছে । এনে প্ৰেক্ষাপটত বিগত জুলাই মাহত কাকপথাৰ প্ৰেছ ক্লাব আৰু আঞ্চলিক ছাত্ৰ সন্থাই বজাৰখনৰ সমস্যাসমূহ সমাধানৰ দাবী জনাই তিনিচুকীয়া জিলা উপায়ুক্তক স্মাৰক-পত্ৰ প্ৰদান কৰিছিল যদিও উপায়ুক্তই বিষয়টোত গুৰুত্ব নিদিয়াত ঐতিহাসিক বজাৰখনে অস্তিত্বৰ সংকটত ভোগিছে ।

এনে সন্ধিক্ষণত কাকপথাৰ প্ৰেছ ক্লাব আৰু কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই অতিশীঘ্ৰে বজাৰখনৰ সমস্যাৰাজি সমাধানৰ দাবীত শুকুৰবাৰে চহৰখনৰ মাজমজিয়াত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি আগন্তুক ১৫ দিনৰ ভিতৰত ঐতিহাসিক বজাৰখনৰ সমস্যাৰাজি সমাধানৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ।

অন্যথাই অঞ্চলটোৰ সকলো দল-সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জিলা প্ৰশাসনক সকিয়াই দিয়ে ৷ আজিৰ প্ৰতিবাদস্থলীত কাকপথাৰ প্ৰেছ ক্লাবৰ সভাপতি বিজয় দত্তৰ সঞ্চালনাত এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ।

আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কনচেং গগৈ, যুৱ-ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিকাশ তালুকদাৰ, মৰাণ ছাত্ৰ সন্থা আৰু মটক যুৱ-ছাত্ৰ সন্মিলনৰ কাকপথাৰ আঞ্চলিক সমিতিৰ নেতৃবৃন্দই বজাৰখনৰ কদৰ্য ৰূপৰ বাবে জিলা প্ৰশাসন আৰু আঞ্চলিক পঞ্চায়তক জগৰীয়া কৰি চোকা সমালোচনা কৰাৰ লগতে বজাৰখনৰ সমস্যাসমূহ সমাধান কৰি উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিবলৈ দাবী জনায় ৷

প্ৰতিবাদৰ অন্তত অৱস্থান ধৰ্মঘটস্থলীত উপস্থিত হোৱা ডুমডুমা ৰাজহচক্ৰ বিষয়াৰ প্ৰতিনিধিৰ হাতত কাকপথাৰ দৈনিক আৰু সাপ্তাহিক বজাৰৰ জাবৰ-জোঁথৰ নিষ্কাষণ কৰা, বজাৰৰ বৰ্জিত পানীভাগ উলাই যাবলৈ উপযুক্ত নলা-নৰ্দমাৰ ব্যৱস্থা কৰা, বজাৰৰ ভিতৰত নিৰ্মাণ কৰা বহুমুখী প্ৰকল্প গৃহ, ভঁৰাল ঘৰ আৰু শৌচাগাৰ মুকলিৰ ব্যৱস্থা কৰা, বজাৰৰ মাটি বেদখলমুক্ত কৰাৰ দাবী কৰে।

লগতে যধে-মধে নিৰ্মাণ কৰা দোকান ঘৰসমূহৰ স্থানত প্ৰণালীৱদ্ধভাৱে স্থায়ী ঘৰ নিৰ্মাণ কৰি নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ সুবিধা কৰা আদি কেইবাটাও দাবীসম্বলিত স্মাৰক-পত্ৰ তিনিচুকীয়া জিলা উপায়ুক্তলৈ প্ৰেৰণৰ ব্যৱস্থা কৰাৰ লগতে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী আৰু তিনিচুকীয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ প্ৰতিলিপি প্ৰেৰণ কৰে ৷

assam kakopothar