/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/model.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়া: ব্লেণ্ডাৰ্চ প্ৰাইড ফেশ্বন শ্ব'লৈ নিৰ্বাচিত হৈছে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সুযোগ্য সন্তান তথা খ্যাতিসম্পন্ন মডেল, অভিনেতা থানেশ্বৰ ৰভী।
ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰ্বাচিত মডেলসকলে অংশগ্ৰহণ কৰিবলগা এই ফেশ্বন শ্ব'লৈ নিৰ্বাচিত হোৱাত আনন্দ প্ৰকাশ কৰি মডেল থানেশ্বৰ ৰভীয়ে কয়, "ব্লেণ্ডাৰ্চ প্ৰাইড ফেশ্বন শ্ব'লৈ উত্তৰ-পূৱৰ পৰা দুজন পুৰুষ মডেল নিৰ্বাচিত হৈছে । তাৰে এগৰাকী মই ।"
গুৱাহাটীৰ হোটেল ভিভান্টা তাজত শনিবাৰে আয়োজিত হ'বলগীয়া এই ফেশ্বন শ্ব'ত অংশগ্ৰহণৰ হেতু ইতিমধ্যে কাকপথাৰ ১ নং চেলেংগুৰি থানেশ্বৰ ৰভীয়ে উপস্থিত হৈছেগৈ গুৱাহাটীত । উল্লেখ্য যে ৩২ বছৰীয়া থানেশ্বৰ ৰভীয়ে মডেলিঙৰ সমান্তৰালভাৱে হিন্দী থিয়েটাৰ আৰু অসমীয়া চিৰিয়েলত অভিনয় কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ।