কাজলগাঁৱত ভাৰতীয় মানক ব্যুৰ'ৰ উদ্যোগত সজাগতামূলক সভা...

ভাৰতীয় মানক ব্যুৰ' গুৱাহাটী শাখা কাৰ্য্যালয়ৰ উদ্যোগত আৰু চিৰাং জিলা গ্ৰামোন্নয়ন বিভাগৰ সহযোগত আজি কাজলগাঁৱৰ জিলা কেন্দ্ৰৰ সভাগৃহত ভাৰতীয় মানক

author-image
Asomiya Pratidin
New Update
dddd

ডিজিটেল সংবাদ,  চিৰাংঃ  ভাৰতীয় মানক ব্যুৰ' গুৱাহাটী শাখা কাৰ্য্যালয়ৰ উদ্যোগত আৰু চিৰাং জিলা গ্ৰামোন্নয়ন বিভাগৰ সহযোগত আজি কাজলগাঁৱৰ জিলা কেন্দ্ৰৰ সভাগৃহত ভাৰতীয় মানক সন্দৰ্ভত এক সজাগতামূলক সভা অনুষ্ঠিত হয় । চিৰাং জিলা গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প বিষয়া ৰবীন বৰুৱা সভাপতিত্বত অনুষ্ঠিত আজিৰ এই সজাগতামূলক সভাত জিলাখনৰ মুঠ ৬১ টা ভিচিডিচিৰ সভাপতিয়ে অংশগ্ৰহণ কৰে ।

Advertisment

আজি ভাৰতীয় মানক ব্যুৰ'ৰ সজাগতামূলক সভাত সমলব্যক্তি হিচাপে উপস্থিত থাকি ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ ষ্টেণ্ডাৰ্ড প্ৰমোচন কনচালটেণ্ট বৰষা জ্যোতি বৈশ্য আৰু স্নেহা চৌধুৰীয়ে দৃশ্য শ্ৰাব্য মাধ্যমেৰে আমাৰ দৈনন্দিন জীৱনত ব্যবহৃত নিত্য প্ৰয়োজনীয় বৈদ্যুতিক সা-সামগ্ৰীৰ সুৰক্ষাজনিত মানদণ্ড লগতে খাদ্য সামগ্ৰীৰ গুণগত মানদণ্ড, পানীয় জাতীয়, গৃহ নিৰ্মাণত ব্যবহৃত সামগ্ৰী, মূল্যবান ধাতু যেনে সোণ ৰূপৰ গুণগত মানদণ্ড ভাৰতীয় মানক ব্যুৰ' সংস্থাই কিদৰে কি চিহ্ন বা সংখ্যাৰে মান্যতা প্ৰদান কৰে তাৰ ওপৰত বিশদ ভাবে বিবৰণ দিয়ে । 

প্ৰতি গৰাকী নাগৰিকে যেতিয়াই নিজৰ কষ্টোপাৰ্জিত ধন খৰচ কৰি বজাৰৰ পৰা সুৰক্ষিত আৰু গুণগত মানসম্পন্ন সামগ্ৰী ক্ৰয় কৰিব পাৰে সেই সন্দৰ্ভত সাধাৰণ ৰাইজৰ মাজত এক জনজাগৰণ অনাৰ লক্ষ্যৰেই ভাৰতীয় মানক ব্যুৰ'ই সমগ্ৰ দেশজুৰি এক সজাগতামূলক অভিযান চলাই থকা হৈছে বুলি সমল ব্যক্তি সকলে সদৰি কৰে ।

ভাৰতীয় মানক ব্যুৰ'ৰ এই সজাগতাৰ অভিযানৰ দ্বাৰা যাতে আমাৰ দেশৰ গ্ৰামাঞ্চলৰ লোক উপকৃত হয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সজাগতামূলক সভাত গ্ৰাম পঞ্চায়তৰ সভাপতি আৰু বিটিআৰৰ ভিচিডিচি সভাপতি সকলক সাঙুৰি লোৱা হৈছে জানিবলৈ দিয়ে । আজিৰ এই সজাগতামূলক সভাত অংশগ্ৰহণ কৰা ভিচিডিচিৰ সভাপতি সকলে যিখিনি সম্যক জ্ঞান অৰ্জন কৰিলে পৰবৰ্তী সময়ত তেওঁলোকে যাতে নিজৰ নিজ ভিচিডিচি পৰ্যায়ত বিভিন্ন সভা সমিতিত এই কথাবোৰ প্ৰচাৰ কৰি সাধাৰণ ৰাইজৰ মাজত এক সজাগতা আনিবলৈ সক্ষম হব বুলি আয়োজক ফালৰ পৰা আশা প্ৰকাশ কৰে।

আজি ভাৰতীয় মানক ব্যুৰ'ৰ এই সজাগতামূলক সভাত অংশগ্ৰহণ কৰি ভিচিডিচিৰ সভাপতি সকলে কয় যে আমি বজাৰত গৈ আমাৰ বিভিন্ন লাগতিয়াল সা-সামগ্ৰী ক্ৰয় কৰো কিন্তু ক্ৰয় সময়ত আমি গুণগত মানদণ্ড হয় নে নাই আচল নে নকল এইবোৰ বিষয় লক্ষ্য আমি সাধাৰণতে লক্ষ্য নকৰো কিন্তু আজি এই সজাগতামূলক সভাত আহি যোগদান কৰি বহু নজনা কথা জানিবলৈ সক্ষম হৈছো আৰু এইখিনি কথা আমি ৰাজ্যৰ মাজত প্ৰচাৰ কৰি বুলি কৈ বহুত  সন্তুষ্টি প্ৰকাশ কৰে ।

চিৰাং আৰক্ষী