পুনৰ কচুতলি উচ্ছেদৰ নিৰ্দেশ আয়ুক্ত সুমিত ছাত্তাৱনৰ...

কচুতলিত পুনৰ উচ্ছেদৰ নিৰ্দেশ আয়ুক্ত সুমিত ছাত্তাৱনৰ...

author-image
Asomiya Pratidin
New Update
পুনৰ কচুতলি উচ্ছেদৰ নিৰ্দেশ আয়ুক্ত সুমিত ছাত্তাৱনৰ...

ডিজিটেল সংবাদ,সোণাপুৰঃ পুনৰ সন্দেহযুক্ত নাগৰিকেৰে ভৰি পৰিছে সোণাপুৰৰ কচুতলি। উচ্ছেদৰ পাছত পুনৰ একাংশ উচ্ছেদিত লোকে বাহৰ পাতিছে কচুতলি অঞ্চলত। একাংশ উচ্ছেদিত লোকক বিদ্যুৎ সংযোগ দিয়াৰ পিছত দেওবাৰে উক্ত স্থানত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত গৰাকী উপস্থিত হয়।

Advertisment

জিলা আয়ুক্ত সুমিত ছাত্তাৱনে চামতা অঞ্চলত অবৈধভাবে মাটি বেদখল কৰা লোক সকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ ডিমৰীয়া সম জিলা আয়ুক্তক। উল্লেখ্য যে, কচুতলিকে ধৰি ডিমৰীয়াৰ কেইবাটাও অঞ্চলত পুনৰ উচ্ছেদ চলাবলৈ ইতিমধ্যে জৰীপৰ কাম আৰম্ভ হৈছে। মছজিদত থকা লোকসকলক সেই স্থান খালী কৰাৰ নিৰ্দেশ দিয়ে জিলা আয়ুক্ত গৰাকীয়ে।

ইফালে কচুতলিৰ উচ্ছেদিতক আশ্ৰয় প্ৰদানৰ অভিযোগত প্ৰশাসনে কচুতলিৰ DBI ইটা উদ্যোগটো চীল কৰে। আজি পুৱা ১২ বজাত ডিমৰীয়াৰ দল সংগঠনৰ নেতৃত্বৰ সৈতে সম জিলাৰ কাৰ্যালয়ত জিলা আয়ুক্ত গৰাকীয়ে পৰৱৰ্তী উচ্ছেদ সন্দৰ্ভত এক আলোচনাত মিলিত হয়।

Also Read: সাজু হওঁকঃ ১৯বছৰৰ পাছত নতুন ৰূপত আহি আছে শক্তিমান...

kachutali eviction