সাজু হওঁকঃ ১৯বছৰৰ পাছত নতুন ৰূপত আহি আছে শক্তিমান...

সাজু হওঁকঃ ১৯বছৰৰ পাছত নতুন ৰূপত আহি আছে শক্তিমান...

author-image
Asomiya Pratidin
New Update
সাজু হওঁকঃ  ১৯বছৰৰ পাছত নতুন ৰূপত আহি আছে শক্তিমান...

ডিজিটেল ডেস্কঃ বেট মেন, স্পে়ডাৰ মেন নহয়, ৯০দশকত ভাৰতত ছুপাৰ হিৰো আছিল শক্তিমান। গাঁৱে-চহৰে শক্তিমান চাবলৈ টিভিৰ আগত পৰ দি আছিল সকলোবোৰ। ভাৰতীয় ধাৰাবাহিক জগতত জনপ্ৰিয়তাৰ ক্ষেত্ৰত ইতিহাস সৃষ্টি কৰা শক্তিমান পুনৰ নতুন ৰূপত আহি আছে।

Advertisment

শক্তিমান নতুনকৈ অহাৰ কথা এখন ফটো সহ ঘোষণা কৰিলে মুকেশ খান্নাই। বহুপ্ৰতিক্ষিত এই শক্তিমানৰ ফটো শ্বেয়াৰ কৰি মুকেশ খান্নাই লিখিলে- পুনৰ উভতি অহাৰ ক্ষণ সমাগত। ভাৰতৰ প্ৰথমগৰাকী ছুপাৰ হিৰ আকৌ আহি আছে।

অৱশ্যে শক্তিমান পুনৰ ধাৰাবাহিক নে পূৰ্ণ দৈঘ্যৰ চিনেমা হিচাপে আহিব, সেয়া স্পষ্ট কৰা নাই মুকেশ খান্নাই। কিন্তু কিছুদিনৰ পূবে শক্তিমান এখন পূৰ্ণদৈঘ্য ছবি হব বুলিয়ে চৰ্চা হৈছিল। এই ছবিখনৰ বাবে অভিনেতা ৰণবীৰ সিঙক নিৰ্বাচন কৰা হৈছে বুলিও চৰ্চা চলিছিল।

সেয়া যি কি নহলেও, পুনৰ আকৌ নতুন ৰূপত শক্তিমান অহাৰ খবৰে ছবিপ্ৰেমী সকলক উতসাহিত কৰি তুলিছে। উল্লেখ কৰা প্ৰয়োজন যে, ডি ডি নেচনেল চেনেলত ১৯৯৭চনৰ ১৩ছেপ্টেম্বৰৰ পৰা ২০০৫ৰ ২৭মাৰ্চলৈকে টেলিকাষ্ট হৈছিল শক্তিমান।

shaktimaan