কাছাৰ আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট, গ্ৰেপ্তাৰ...

কাছাৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট

author-image
Asomiya Pratidin
New Update
কাছাৰ আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট, গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ, শিলচৰঃ নিচাজাতীয় টেবলেটৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান। গোপন তথ্যৰ ভিত্তিত অভিযান চলাই দেওবাৰে সন্ধিয়া সোণাই আৰু কচুদৰম থানাৰ আৰক্ষীয়ে সোণাই-শিলচৰ পথৰ মাঝিৰগ্ৰামৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় ইয়াবা টেবলেট জব্দ কৰিছে।

Advertisment

সোণাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহাত্মা মানস সন্দিকৈৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে মিজোৰামৰ পৰা অহা এম. জেড. ০১ ই ২৭৭২ নম্বৰৰ বাহনখনত তালাচী চলাই জব্দ কৰে ১৮ হাজাৰ য়াবা টেবলেট। জব্দকৃত টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ২০ লাখ টকা। টেবলেট খিনি মিজোৰামৰ পৰা সৰবৰাহ কৰি কাছাৰত বিক্ৰী কৰাৰ পৰিকল্পনা কৰছিল সৰবৰাহকাৰীয়ে।

টেবলেটৰ সৈতে আৰক্ষীয়ে মিজোৰামৰ ৩ জন আৰু কাছাৰৰ ধলাইৰ ১জনসহ মুঠ ৪জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰী কেইজন মিজোৰাম কালাশিৱ জিলাৰ লালহানজুৱালা, আইজাক জানুন ছাংগা, আইজল জিলাৰ ৰামথাৰ ভেঙৰ ভি.এল, ছাংগা আৰু কাছাৰ জিলাৰ ধলাই কুলিচাৰাৰ আলী আনছাৰ।

Also Read: কৃত্ৰিম বানৰ কবলত লক্ষ্ণৌ...

Assam police