/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/morphine.jpg)
ডিজিটেল সংবাদ,শিলচৰ: কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে বুজণ পৰিমাণৰ মাৰাত্মক মৰ্ফিন জব্দ কৰে ৷ সোণাই আৰু কচুদৰম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহাত্ম মানৱ সন্দিকৈ আৰু বিপুল বিশ্বাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই শনিবাৰে নিশা অভিযান চলাই মতিনগৰ বোৱালি হাৱাৰৰ এজন লোকৰ ঘৰৰ পৰা জব্দ কৰে ৮৭২ গ্ৰাম মৰ্ফিন ৷ মৰ্ফিনৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় মনিপুৰৰ এজন ড্ৰাগছ ব্যৱসায়ীক ৷ ধৃত লোক জনৰ নাম লাই শ্বৰাম ৰামজয় সিং (৫১) ৷ মনিপুৰৰ জিৰিবামৰ পৰা মৰ্ফিন খিনি বিক্ৰী কৰিবলৈ আনিছিল ব্যৱসায়ী জনে ৷
গোপন তথ্যৰ ভিত্তিত এই খবৰ লাভ কৰাৰ পিচত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে মৰ্ফিন খিনি ৷ আন্ত: ৰাষ্ট্ৰীয় বজাৰত মৰ্ফিন খিনিৰ মুল্য এক কোটি টকা হব বুলি অনুমান কৰিছে আৰক্ষীয়ে ৷
বৰ্তমান ধৃত ব্যক্তি জনক কচুদৰম থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷