সমাগত ঈদ-উল-ফিটৰক লৈ তৎপৰ কাছাৰ জিলা প্ৰশাসন

সমাগত ঈদ-উল-ফিটৰক লৈ তৎপৰ কাছাৰ জিলা প্ৰশাসন। পবিত্ৰ ঈদ-উল-ফিটৰ উৎসৱ শান্তিপূৰ্ণ ভাৱে উদযাপনৰ বাবে মঙলবাৰে কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হয় এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাৰ।

author-image
Asomiya Pratidin
New Update
কাছাৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা

কাছাৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা

ডিজিটেল সংবাদ শিলচৰ: পবিত্ৰ ঈদ-উল-ফিটৰ উৎসৱ শান্তিপূৰ্ণ ভাৱে উদযাপনৰ বাবে মঙলবাৰে কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হয় এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাৰ। জিলা আয়ুক্তৰ কাৰ্যালয়ত এই আয়োজিত এই সভাত সভাপতিত্ব কৰে অতিৰিক্ত জিলা আয়ুক্ত অন্তৰা সেনে। বৈঠকৰ আৰম্ভণিতে তেওঁ উৎসৱৰ সময়ত সম্প্ৰীতি,সমন্বয় আৰু নিৰাপত্তা ব্যৱস্থা যথাযথ গ্রহণৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। সম্পূৰ্ণ সৌহাৰ্দ আৰু আন্তৰিক পৰিৱেশত ঈদ উদযাপন কৰিবৰ বাবে সকলো কাৰ্যালয় আৰু অংশীদাৰীসকলক একেলগে কাম কৰিবলৈ আহ্বান জনায় । 

Advertisment

ঈদ উদযাপন যাতে নির্বিঘ্ন আৰু আনন্দমুখৰ হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত জিলা আয়ুক্ত অন্তৰা সেনে বৈঠকত উপস্থিত থকা সকলোৰে পৰা মতামত আৰু পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়। দীঘলীয়া পৰ্যালোচনাৰ পিছত নিৰাপত্তা, যান বাহন নিয়ন্ত্ৰণ,জৰুৰীকালীন সেৱা আৰু নিৰাপত্তা‌ৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্ত অনুসৰি, জিলাখনৰ গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ অঞ্চলত পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰিবৰ বাবে জিলা আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হয়। ঈদগাহ,মছজিদ, বজাৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ ঠাইত যথেষ্ট আৰক্ষী নিয়োজিত কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে।বিশেষকৈ, শিলচৰ ইটখলা ইদগাহ আৰু অন্যান্য নিৰ্ধাৰিত ঠাইত ঈদৰ নামাজ নিৰ্বিঘ্নে সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আনহাতে,নতুন ঠাইত ঈদৰ নামাজ অনুষ্ঠিত কৰিব বিচাৰিলে আয়োজক সকলে আগতীয়াকৈ জনাব লাগিব আৰক্ষী প্ৰশাসনক। 

ঈদৰ দিনা ইটখলা পইণ্টত বৃহৎ সংখ্যক লোকৰ  সমাগম ঘটে।  সেয়ে, সেইদিনা এই এলেকাত যান বাহনৰ গতিবিধি নিয়ন্ত্ৰণ কৰা হ’ব। বিকল্প পথ হিচাপে সিদিনা  "নতুনপট্টি "হৈ যাতায়তৰ ব্যৱস্থা কৰা হ’ব আৰু যান-বাহন আৰক্ষীয়ে প্ৰয়োজনীয় নিয়ন্ত্ৰণ আৰু নিয়ম কাৰ্যকৰী কৰিব।
উৎসৱৰ সময়ত যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ব্যাহত নহয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীক্ষকক নিৰ্দেশ দিয়া হৈছে। একেদৰে উৎসৱৰ সময়ত খোৱা পানীৰ যোগান অব্যাহত ৰাখিবলৈ শিলচৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগক  নিৰ্দেশ দিয়া হৈছে। বিদ্যুৎ  যোগানৰ অনিয়ম ৰোধ কৰিবলৈ অসম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড (এপিডিচিএল)ক নিৰ্দেশ দিয়া হৈছে যাতে ঈদৰ সময়ত অহৰহ বিদ্যুৎ যোগান নিশ্চিত কৰিব পৰা যায়।

ইফালে, ঈদৰ দিনা উদণ্ড বাইকাৰ্চক নাকী লগাবলৈ যান বাহন আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়া হৈছে।  উৎসৱৰ সময়ত ট্ৰিপল ৰাইডিং আৰু হেলমেট বিহীন বাইকাৰ্চ সকলৰ উৎপাতত হোৱা দুৰ্ঘটনা ৰোধ কৰিবলৈ যান-বাহন আৰক্ষীক কঠোৰভাৱে ব্যৱস্থা ল’বলৈ  নিৰ্দেশ দিয়া হৈছে। যান বাহনৰ‌ নিয়ম উলংঘা কৰি মটৰ চাইকেল চলোৱা আৰু হেলমেট নথকা চালক সকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছে।

 আনহাতে, সজাগতা সৃষ্টিৰ বাবে জুমা প্ৰাৰ্থনাৰ সময়ত ৰাইজৰ সুবিধাৰ বাবে পথ সুৰক্ষা সন্দৰ্ভত বিশেষ ঘোষণা কৰিবলৈ মছজিদ সমিতি সমূহক অনুৰোধ জনোৱা হৈছে। লগতে অম্বিকাপট্টি, সোনাই, কাটিগৰা আৰু অন্যান্য অঞ্চলত ঈদ উদযাপনৰ সময়ত আইন শৃংখলা পৰিস্থিতি স্বাভাৱিক ৰাখিবলৈ সংশ্লিষ্ট এলেকাৰ চক্ৰ বিষয়াসকলক নিকটতম আৰক্ষী থানাৰ  সৈতে সমন্বয় স্থাপন কৰি পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

সভাৰ শেষত অতিৰিক্ত জিলা আয়ুক্ত অন্তৰা সেনে ইছলাম ধৰ্মালম্বী লোক সকলক ঈদ-উল-ফিটৰৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু শান্তিপূৰ্ণ আৰু আন্তৰিক পৰিৱেশত উৎসৱটো উদযাপন কৰাৰ বাবে আহ্বান জনায়। তেওঁ সম্প্ৰীতি আৰু সহযোগিতাৰ জৰিয়তে উৎসৱৰ আনন্দক আৰু অধিক বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত উপ আৰক্ষী অধীক্ষক (বিশেষ শাখা) হেমেন দাস, সহকাৰী আয়ুক্ত ফুলংগি চোৰাই, শিলচৰ পৌৰসভাৰ সহকাৰী কাৰ্যবাহী বিষয়া, জিলা খনৰ আটাইকেইজন চক্ৰ বিষয়াকে ধৰি আন বিশিষ্ট লোক সকল উপস্থিত আছিল।

ঈদ