বিহপুৰীয়াৰ মৰিছাপথাৰত সদৌ অসম কবি সন্মিলনৰ 'চোতাল'

বিহপুৰীয়াৰ মৰিছাপথাৰত সদৌ অসম কবি সন্মিলনৰ 'চোতাল'

author-image
Asomiya Pratidin
New Update
বিহপুৰীয়াৰ মৰিছাপথাৰত সদৌ অসম কবি সন্মিলনৰ 'চোতাল'

ডিজিটেল সংবাদ,বিহপুৰীয়া : সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী “চোতাল” দেওবাৰে সন্ধিয়া নাৰায়ণপুৰ কাব্য কাননৰ উদ্যোগত বিহপুৰীয়াৰ মৰিছাপথাৰত অনুষ্ঠিত হয় ৷ সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক উমেশ সোনোৱালৰ চোতালত অনুষ্ঠিত “চোতাল” কাৰ্যসূচীটি সঞ্চালনা কৰে সদৌ অসম কবি সন্মিলনৰ সভাপতি বংশী বৰাই ৷

Advertisment

উমেশ সোনোৱালৰ পিতৃ কৃষ্ণ কান্ত সোনোৱালৰ সোৱঁৰণত উৎসৰ্গিত অনুষ্ঠানটিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সোনোৱাল কছাৰী জনগোষ্ঠীৰ বিশিষ্ট ধৰ্মপ্ৰাণ ব্যক্তি ফনিধৰ সোনোৱালে ৷ উমেশ সোনোৱালে আতঁ ধৰা অনুষ্ঠানত মেৰী দলে চাবুকধৰাই আৰম্ভণি গীত আৰু হৰ্ষিনী নন্দিনী সোনোৱালে আধুনিক নৃত্য পৰিৱেশন কৰে ৷

অনুষ্ঠানত সদৌ অসম কবি সন্মিলনৰ উপসভাপতি উজ্জ্বল পাৱেগাম,সম্পাদক পাৰভেজ হুছেইনৰ লগতে কবি ক্ৰমে যুগল মহেশ্বৰী,হেমন্ত শইকীয়া,পংকজ সভাপণ্ডিত,বিৰেণ শৰ্মা,মঞ্জু বৰা,হেমন্ত ভাৰতী, চন্দ্ৰকান্ত বৰা,ভবেন নাথ,জগত গগৈ,কৃষ্ণ দৈমাৰী,সূৰ্য বনীয়া,জোনমণি শইকীয়া,যোগেন চন্দ্ৰ বৰা,নিভা ভূঞা শইকীয়া,বিজু বৰা, শিৱানু বৰা,কাকলি বৰা ভূঞা ,কৃষ্ণা ৰাজখোৱা,ঋজু শৰ্মা,ধীৰেণ শইকীয়া আদি বহু কেইগৰাকী কবিয়ে স্ব ৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটি জিপাল কৰি তোলে ৷

অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ হৰেণ শইকীয়া,শিক্ষক ড° পুৰঞ্জয় সোনোৱাল,ৰিপুঞ্জয় ভূঞা,যোগেশ্বৰ সোনোৱাল,ৰামেশ্বৰ সোনোৱাল আদি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Also Read: তিতাবৰ মহকুমা চিকিৎসালয়ত গৌতম বুদ্ধৰ প্ৰতিমূৰ্তিত ডাষ্টবিন ব্যৱহাৰক লৈ বিতৰ্ক