তিতাবৰ মহকুমা চিকিৎসালয়ত গৌতম বুদ্ধৰ প্ৰতিমূৰ্তিত ডাষ্টবিন ব্যৱহাৰক লৈ বিতৰ্ক

তিতাবৰ মহকুমা চিকিৎসালয়ত গৌতম বুদ্ধৰ প্ৰতিমূৰ্তিত ডাষ্টবিন ব্যৱহাৰক লৈ বিতৰ্ক

author-image
Asomiya Pratidin
New Update
তিতাবৰ মহকুমা চিকিৎসালয়ত গৌতম বুদ্ধৰ প্ৰতিমূৰ্তিত ডাষ্টবিন ব্যৱহাৰক লৈ বিতৰ্ক

ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত গৌতম বুদ্ধৰ প্ৰতিমূৰ্তিক ডাষ্টবিন ৰূপে ব্যৱহাৰ কৰা ঘটনাই বৌদ্ধ সমাজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গৌতম বুদ্ধৰ প্ৰতিমূৰ্তিত ডাষ্টবিন ৰূপে ব্যৱহাৰ কৰা ফটো ছচিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছতেই জাঙুৰ খাই উঠিছে তিতাবৰৰ বৌদ্ধ সমাজ।

আজি তিতাবৰ বৌদ্ধ সমাজৰ এটা সজাতি দল তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয় কতৃপক্ষৰ লগতে অধীক্ষক গৰাকীৰ লগত আলোচনাত মিলিত হয়।

চিকিৎসালয়খনৰ অধীক্ষক ৰাজীৱ বৰুৱাই সাংবাদিকক ফুলৰ টাবত এনেদৰে মূৰ্তি থকা বুলি উল্লেখ কৰি তাবটো খালি থকাৰ বাবেই কোনোবাই ডাষ্টবিন ৰূপে ব্যৱহাৰ কৰিবলৈ নিলে বুলি মন্তব্য কৰে। লগতে অধীক্ষক গৰাকীয়ে অতি সোনকালে বিষয়টোৰ উচিত তদন্ত কৰি ঘটনাৰ লগত জড়িত সকলৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।

Also Read: মন্ত্ৰী অশোক সিংঘালে কিশোৰীক দিলে সংগীত চৰ্চাৰ বাবে তবলা-হাৰমনিয়াম