সদৌ অসম কবি সন্মিলনৰ ২০১৯-২০২২ বৰ্ষৰ সন্মান প্ৰাপক সকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ ঘোষণা

author-image
Asomiya Pratidin
New Update
সদৌ অসম কবি সন্মিলনৰ ২০১৯-২০২২ বৰ্ষৰ  সন্মান প্ৰাপক সকলৰ নাম ঘোষণা

ডিজিটেল ডেস্ক: অহা ৭, ৮ আৰু ৯ অক্টোবৰ, ২০২২ তাৰিখৰ পৰা যোৰহাটৰ ড° কুতুবুদ্দিন আহমেদ ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব সদৌ অসম কবি সন্মিলন। এই সদৌ অসম কবি সন্মিলন ষষ্ঠদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ যোৰহাট অধিৱেশনৰ অন্তিম দিনাৰ মুকলি সভাত অসমৰ কাব্য আৰু সাহিত্যৰ পথাৰলৈ অনন্য অৱদান আগবঢ়োৱা বিশিষ্ট কবি-সাহিত্যিক সকলক তেখেতসকলৰ জীৱনজোৰা সাধনাৰ বাবে বঁটা প্ৰদান কৰিব।

Advertisment

সদৌ অসম কবি সন্মিলনে প্ৰদান কৰিব লগা ২০১৯-২০২২ বৰ্ষৰ বঁটা সমূহৰ প্ৰাপক সকলৰ নাম ঘোষণা কৰিছে । সেই অনুসৰি সাহিত্যাচাৰ্য ড° নাহেন্দ্ৰ পাদুনক 'সাহিত্য ভাস্কৰ', প্ৰথিতযশা কবি, সাহিত্যিক ড° কৰবী ডেকা হাজৰিকাক 'কাব্যৰত্ন', বিশিষ্ট কবি, সাহিত্যিক তথা সমালোচক ড° মানিক শইকীয়াক 'কবিপ্ৰাণ', বিশিষ্ট কবি, আবৃত্তিকাৰ জুলিয়ানা বেগমক 'কাব্য মহীয়সী', বিশিষ্ট কবি, কাব্য সংগঠক তথা সমালোচক পৰাগজ্যোতি মহন্তক 'ড° কুতুবুদ্দিন আহমেদ কাব্য বঁটা' প্ৰদান কৰিব ।

ইয়াৰ উপৰিও 'পৃথিৱীৰ কবি ৰাম গগৈ বঁটা', 'কবিপ্ৰাণ আনন্দ দত্ত কাব্য বঁটা. 'কাব্যপ্ৰাণ চূজাউদ্দিন আহমদ বঁটা', 'অৱনী চক্ৰৱৰ্তী বঁটা', 'বেণু চিৰিং বঁটা', 'সমাজকৰ্মী ইন্দ্ৰেশ্বৰ মিলি বঁটা', 'জনাৰ্দন শইকীয়া আৰু জয়মতী শইকীয়া সোঁৱৰণী বছৰৰ শ্ৰেষ্ঠ কবিৰ সন্মান', 'সম্প্ৰীতি (টুকটুক) শইকীয়া সোঁৱৰণী বছৰৰ শ্ৰেষ্ঠ যুৱ কবিৰ সন্মান', মিলাৰাম নাথ আৰু অমূল্য শইকীয়া সোঁৱৰণী এককালীন আৰ্থিক সাহায্য' আৰু 'কাব্যশ্ৰী হাজৰিকা বঁটা', প্ৰদান কৰা হ'ব বুলি সদৌ অসম কবি সন্মিলনৰ প্ৰচাৰ সম্পাদক হেমন্ত ভাৰতী আৰু বিশাল অনুৰাগে এই প্ৰতিবেদকক জানিবলৈ দিয়ে ।

assam poet poem