গুৱাহাটীৰ বৰাগাঁৱত বৰ্ণাঢ্য বহুভাষিক কবি সন্মিলন

দেওবাৰে গুৱাহাটী মহানগৰীৰ পশ্চিম বৰাগাঁৱৰ গাখীৰ চ'কৰ "কাব্য কুঞ্জ" ভৱন প্ৰাংগণত এখন কবি সন্মিলন অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
গুৱাহাটীৰ বৰাগাঁৱত বৰ্ণাঢ্য  বহুভাষিক কবি সন্মিলন

ডিজিটেল ডেস্কঃ দেওবাৰে গুৱাহাটী মহানগৰীৰ পশ্চিম বৰাগাঁৱৰ গাখীৰ চ'কৰ "কাব্য কুঞ্জ" ভৱন প্ৰাংগণত এখন কবি সন্মিলন অনুষ্ঠিত হয়। অসমৰ অন্যতম প্ৰকাশন প্ৰতিষ্ঠান "পৰাগজ্যোতি প্ৰকাশন"ৰ উদ্যোগত "উদ্বেলিত ফাগুনৰ নানাৰঙী কবিতা" শীৰ্ষক এখনি বহুভাষিক কবি সন্মিলন অতি আড়ম্বৰপূৰ্ণ পৰিবেশৰ মাজত অনুষ্ঠিত হৈ যায় ।

Advertisment

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিন ভিন জনগোষ্ঠীৰ কবি- সাহিত্যিকেৰে ভৰা কবি সন্মিলনত সংস্কৃত, অসমীয়া, ইংৰাজী, হিন্দী, বাংলা, বড়ো, চাওতাল, মিছিং, দেউৰী, মণিপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, তিৱা, নেপালী, কোচ, গাৰো, হাজং, উড়িয়া, চৰ-চাপৰি ভাষাৰ ডেৰ শতাধিক কবিয়ে নিজ-নিজ ভাষাত কবিতা পাঠ কৰে ।

এটোপোলা গ্ৰন্থৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে সভা উদ্বোধন কৰি আন্তৰ্জাতিক চাওতাল পৰিষদৰ অধ্যক্ষ তথা অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ পৃথ্বি মাঝিয়ে কয়- " ইটো ভাষাৰ লগত সিটো ভাষাৰ মধুৰ সম্পৰ্ক নিহিত হৈ আছে । একতাৰ ডোলেৰে বান্ধ খাই আমি বৰভেটি টনকিয়াল কৰিব লাগে । ভাষা ঈশ্বৰৰ সৃষ্টি নহয় । মানৱ সভ্যতাৰ মগজুৰ বিকাশেৰে ভাষা আগুৱাই গৈছে । চৰাই-চিৰিকতিৰ মাত, জন্তুৰ কন্ঠৰ ওপৰত ভিত্তি কৰি ভাষা সৃষ্টি হৈছে ।"

কবি সন্মিলনৰ আহ্বায়ক তথা বিশিষ্ট কবি-গীতিকাৰ শচীন দাসে আদৰণি সম্ভাষণ জনোৱা সভাখনি আঁত ধৰে প্ৰকাশনৰ সচিব, কবি-সাংবাদিক দীপক‌ শৰ্মাই । অনুষ্ঠানত মুখ্য অতিথি হিচাপে দূৰদৰ্শন আৰু আকাশবাণীৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰধান দেবেন্দ্ৰনাথ বসুমতাৰীয়ে অংশ লৈ কয়- "কথাৰে নহয় কৰ্মৰেহে সমন্বয় সাধন কৰিব লাগে । কোনো ভাষাই, কোনো ভাষাৰে অন্তৰাই নহয় । বৰ অসমৰ ভেটি টনকিয়ালত পৰাগজ্যোতি প্ৰকাশনে লোৱা অনবদ্য ভূমিকা এদিন সোণালী আখৰেৰে লিখা থাকিব ।

কবি, সাহিত্যিক, চিন্তাবিদসকলে সমন্বয়ৰ সাঁকো সুদৃঢ় কৰিবৰ বাবে সময় থাকোঁতেই প্ৰদক্ষেপ লব লাগে ।" দীপক শৰ্মা সম্পাদিত "উদ্বেলিত ফাগুনৰ নানাৰঙী কবিতা" নামৰ‌ কবিতা সংকলনখনি শুভ উন্মোচন কৰি বাংলা সাহিত্যৰ অগ্ৰণী কবি-লেখক নিশুতি মজুমদাৰে কয়- "কবিতা সৃষ্টিৰে জগত ধুনীয়া কৰিব পাৰি । সাহস, মনোবল, অধ্যয়ন, ভাষা জ্ঞান, শব্দ, একাগ্ৰতা থাকিব লাগিব ।"

অনুষ্ঠানত ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, দেউৰী সাহিত্য সভাৰ সভাপতি ড০ ষড়ানন দেউৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, তিৱা সাহিত্য সভাৰ উপ-সভাপতি শৰৎ চন্দ্ৰ পাটৰ আমচি, মণিপুৰী সাহিত্য পৰিষদৰ উপ-সভাপতি কৈশ্যাম হেমচন্দ্ৰ সিংহ, বৰপেটাৰ বৰনগৰ বি এড মহাবিদ্যালয়ৰ অধ্যক্ষ গোলাম ছাৰৱাৰ, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বাণীকান্ত গোস্বামী, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক গোলাপ বড়ো, সাহিত্য কোঁৱৰ কমল কলিতা, গুৱাহাটী উচ্চ ন্যায়ালয় গৱেষণা বিভাগৰ সঞ্চালক ড০ ৰঙ্গ ৰঞ্জন দাস, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক অৱনী ৰঞ্জন পাঠক, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ যুটীয়া সম্পাদক জ্যোতিষ বৰ্মন, কামৰূপ জিলা তিৱা সাহিত্য সভাৰ সভাপতি পদ্মেশ্বৰ মিথিয়ে বিশিষ্ট অতিথি হিচাপে অংশ লৈ কবিতাৰ মাজেৰে অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মাজত সমন্বয় সাধন কৰিব বিচৰা পৰাগজ্যোতি প্ৰকাশনৰ প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লয় । আজিৰ সন্মিলনে ইতিহাসৰ পাতত এক মচিব নোৱৰা গভীৰ আশাবাদ প্ৰকাশ কৰিলে ।

সভাত বিভিন্ন জনে কবিতা‌ও পাঠ কৰে‌ । বেগম ৰুণা লাইলা মজুমদাৰ, দুৰ্গামণি বৰগোহাই, মান্যতা‌ তালুকদাৰ,‌হিয়াশ্ৰী শৰণীয়া আদিয়ে গীত পৰিবেশন কৰে ।

Also Read: পৰমানন্দ চায়েঙীয়া সন্মিলিত গনশক্তি অসম দলৰ সভাপতি নিৰ্বাচিত