/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/vote.jpg)
ডিজিটেল ডেস্ক: বুধবাৰে পুৱা ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হৈছে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন। এইবাৰ নিৰ্বাচনত ৭,০৩,৯৮৫ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ১২৬ গৰাকী প্ৰাৰ্থীৰ। উল্লেখ্য যে, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুঠ ২৬টা সমষ্টি আছে।
সেই সমষ্টি কেইটা হল- দুৱাৰ আমলা, আমৰি, চিণথং,ছচেং,বিথুং, ৰেংথামা, কপিলী,হামৰেন, হাউৰাঘাট, কৰকান্থী, মহামায়া, নমাটি, ছচেং ধেন্টা, বৰজান, সৰুপথাৰ, বোকাজান, দেওপানী, নিলীফ, দুৱাৰ বাগৰি, লুম্বাজান, ধনশিৰি, সিংহাসন, লাংফেৰ, ফুলনি আৰু লাংহিন।
মুঠ ৮০৮ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত পুৰুষ ভোটাৰৰ সংখ্য ৩৪৯৮৩০ আৰু মহিলা ভোটাৰৰ সংখ্যা ৩৪৮১৫০ গৰাকী। ইয়াৰ উপৰিও আছে ৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।
ডিফুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত লুম্বজানত পুৰুষ ভোটাৰৰ সংখ্য ৩৫৩০১ আৰু মহিলা ভোটাৰৰ সংখ্যা ৩৪৫১১ গৰাকী। ধনশিৰিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৫৩ টা আৰু ইয়াত পুৰুষ ভোটাৰৰ সংখ্যা ১৯৮০৭ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্য ১৯৫১৫ গৰাকী।
সিংহাসনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ২৯টা । পুৰুষ ভোটাৰৰ সংখ্যা ৮৭৪৮, মহিলা ভোটাৰৰ সংখ্য ৮৭৩৩। লাংফেৰত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৪৯। পুৰুষ ভোটাৰৰ সংখ্যা ২১৬ আৰু মহিলা ভোটাৰৰ সংখ্য ২০১৬৩।
ফুলনিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ২৮টা। পুৰুষ ভোটাৰৰ সংখ্যা । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১০,৮৩০ আৰু মহিলা ভোটাৰৰ সংখ্যা ১০,৪১৫গৰাকী।
লাংহিনত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ ৩২ টা। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্য় ১৪,০০৭ আৰু মহিলা ভোটাৰৰ সংখ্য ১৪০৬৯ গৰাকী।
হাওৰাঘাটত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৩৮ টা। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১৬,৫১৭ আৰু মহিলা ভোটাৰৰ সংখ্যা ১৫,১১৫ গৰাকী।
কৰকান্থিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৩৬ টা। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১২,৭৪৭ আৰু মহিলা ভোটাৰৰ সংখ্যা ১৩,১৩১ গৰাকী।
মহামায়াত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৩১ টা। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১২,৫৫৬ আৰু মহিলা ভোটাৰৰ সংখ্যা ১২,৭০৪ টা।
নমাটিত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ ২৫টা। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৯৩৭১ আৰু মহিলা ভোটাৰৰ সংখ্যা ৯৮৫৬ গৰাকী।
ছচেং দেহেন্টাত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ ২৩ টা। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৮৯০৬ আৰু মহিলা ভোটাৰৰ সংখ্যা ৯০৯১ গৰাকী।
বৰজানত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৫৫টা। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ২২,৬৩০ আৰু মহিলা ভোটাৰৰ সংখ্যা ২১,৬৫৯ গৰাকী।
সৰুপথাৰত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ১২ টা। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৫০৫১ আৰু মহিলা ভোটাৰৰ সংখ্যা ৫০৭৭ গৰাকী।
বোকাজানত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৪৬ টা। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১৮১৬৮ আৰু মহিলা ভোটাৰৰ সংখ্যা ১৭৫৫০ গৰাকী।
দেওপানীত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৩২ টা। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১২২৭৫ আৰু মহিলা ভোটাৰৰ সংখ্যা ১১৯০৬ গৰাকী।
নিলিপত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ২৭ টা। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১০৭৬০ আৰু মহিলা ভোটাৰৰ সংখ্যা ১০৪৮৬ গৰাকী।
দুৱাৰবাগৰিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ২৩ টা। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৮০৫১ আৰু মহিলা ভোটাৰৰ সংখ্যা ৮২১০ গৰাকী।
দাউৰ আৰ্ণলাত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ ২৯ টা। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১১,৬৬১ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ১১৬০৭ গৰাকী।
আমৰিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ২০ টা। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৭০১০ আৰু মহিলা ভোটাৰৰ সংখ্যা ৭০৭৬ গৰাকী।
ছিংথঙত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ২১ টা। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৭৫৮৩ আৰু মহিলা ভোটাৰৰ সংখ্যা ৬৯৬৬ গৰাকী।
ছচেঙত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ ২৮ টা। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৮২২৮ আৰু মহিলা ভোটাৰৰ সংখ্যা ৮১৩০ গৰাকী।
ৰংখাঙত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ২৭ টা। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১০৫৯৪ আৰু মহিলা ভোটাৰৰ সংখ্যা ১০৬৪৩ গৰাকী।
বিথুং ৰেংথামাত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৩৯ টা। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১৫৯৪৬ আৰু মহিলা ভোটাৰৰ সংখ্যা ১৬৩৯৬ গৰাকী।
কপিলীত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ ৪৭ টা। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ২০৪২৬ আৰু মহিলা ভোটাৰৰ সংখ্যা১৮৬১৪ গৰাকী।
হামৰেণত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ২০টা। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৬৬১৮ আৰু মহিলা ভোটাৰৰ সংখ্যা ৭০৮০ গৰাকী।
আমৰেঙত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৫২ টা । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ২০৭৭৭ আৰু মহিলা ভোটাৰৰ সংখ্যা ১৯৪৪৭ গৰাকী।